• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আম্বানীক অতিক্ৰমী কৰি দেশৰ ধনী ব্যক্তি হ’ল আদানী : কিমান সম্পত্তি বাঢ়িল যোৱা এবছৰত?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 29, 2024 9:19 pm
220
VIEWS
Share on FacebookShare on Twitter

মুকেশ আম্বানীক অতিক্ৰমী কৰি দেশৰ ধনী ব্যক্তি হ’ল গৌতম আদানী। ১১.৬ লাখ কোটি টকাৰে শীৰ্ষত গৌতম আদানী। ১০.১৪ লাখ কোটি টকাৰে দ্বিতীয় স্থানত মুকেশ আম্বানী।

আনহাতে দেশত কোটিপতিৰ সংখ্যাই অভিলেখৰো সৃষ্টি কৰিছে। চলিত বৰ্ষত ৩৩৪ জনলৈ বৃদ্ধি পাইছে কোটিপতিৰ সংখ্যা। ভাৰতত ২৯% কোটিপতি বৃদ্ধি পোৱাৰ বিপৰীতে চীনত হ্ৰাস পাইছে ২৫% কোটিপতি।

মুকেশ আম্বানীক অতিক্ৰম কৰি দেশৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে গৌতম আদানীয়ে। ২০২৪ চনৰ হুৰুণ ইণ্ডিয়া ৰিচ লিষ্টত গৌতম আদানীয়ে মুকেশ আম্বানীক পিছ পেলাই শীৰ্ষ স্থান দখল কৰিছে। ১১.৬ লাখ কোটি টকাৰে শীৰ্ষ স্থান দখল কৰা আদানী ২০২০ চনত এই তালিকাত চতুৰ্থ স্থানহে দখল কৰিছিল। যোৱা এবছৰত আদানীৰ সম্পদ ৯৫ শতাংশ বৃদ্ধি পাইছে।

‘হিণ্ডেনবাৰ্গৰ অভিযোগৰ পিছত ফিনিক্সৰ দৰে উঠি অহা গৌতম আদানী আৰু তেওঁ গ্ৰুপে এই বছৰৰ ৰেংকিঙত শীৰ্ষস্থান নিশ্চিত কৰিছে। যোৱা বছৰৰ তুলনাত ৯৫% সম্পদ বৃদ্ধি পাই তেওঁলোকৰ মুঠ ধন ১,১৬১,৮০০ কোটি টকা হৈছে। প্ৰতিবেদনত এইদৰে কোৱা হৈছে।

ইফালে ১০.১৪ লাখ কোটি টকাৰ সম্পত্তিৰে মুকেশ আম্বানীয়ে তালিকাত দ্বিতীয় স্থান লাভ কৰে। এই তালিকাত তৃতীয় স্থানত আছে এইচ চি এল টেকন’লজিছৰ শিৱ নাদাৰ গ্ৰুপ, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ  ৩.১৪ লাখ কোটি।

২.৮৯ লাখ কোটি টকাৰে চতুৰ্থ স্থানত আছে চাইৰাছ এছ পুনাৱালা আৰু ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছ আই আই) গ্ৰুপ  আৰু ২.৪৯ কোটি টকাৰে পঞ্চম স্থানত ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজৰ দিলীপ শ্বাংভী ।

এই প্ৰতিবেদনৰ দেশত কোটিপতিৰ সংখ্যাই অভিলেখ সৃষ্টি কৰি ৩৩৪ জনলৈ বৃদ্ধি পাইছে। হুৰুণ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক তথা মুখ্য গৱেষক আনাছ ৰহমান জুনাইদে কয় যে দেশখনে এছিয়াৰ সম্পদ সৃষ্টিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে! প্ৰতিবেদনৰ মতে ভাৰতত ২৯% কোটিপতি বৃদ্ধি পোৱাৰ বিপৰীতে চীনত হ্ৰাস পাইছে ২৫% কোটিপতি।  অৰ্থাৎ ভাৰতত দৰিদ্ৰ সংখ্যা যেনেকৈ হ্ৰাস হোৱা নাই তেনেকৈ বৃদ্ধি পাইছে বিলিয়নাৰৰ সংখ্যা।

Recent News

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd