মুকেশ আম্বানীক অতিক্ৰমী কৰি দেশৰ ধনী ব্যক্তি হ’ল গৌতম আদানী। ১১.৬ লাখ কোটি টকাৰে শীৰ্ষত গৌতম আদানী। ১০.১৪ লাখ কোটি টকাৰে দ্বিতীয় স্থানত মুকেশ আম্বানী।
আনহাতে দেশত কোটিপতিৰ সংখ্যাই অভিলেখৰো সৃষ্টি কৰিছে। চলিত বৰ্ষত ৩৩৪ জনলৈ বৃদ্ধি পাইছে কোটিপতিৰ সংখ্যা। ভাৰতত ২৯% কোটিপতি বৃদ্ধি পোৱাৰ বিপৰীতে চীনত হ্ৰাস পাইছে ২৫% কোটিপতি।
মুকেশ আম্বানীক অতিক্ৰম কৰি দেশৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে গৌতম আদানীয়ে। ২০২৪ চনৰ হুৰুণ ইণ্ডিয়া ৰিচ লিষ্টত গৌতম আদানীয়ে মুকেশ আম্বানীক পিছ পেলাই শীৰ্ষ স্থান দখল কৰিছে। ১১.৬ লাখ কোটি টকাৰে শীৰ্ষ স্থান দখল কৰা আদানী ২০২০ চনত এই তালিকাত চতুৰ্থ স্থানহে দখল কৰিছিল। যোৱা এবছৰত আদানীৰ সম্পদ ৯৫ শতাংশ বৃদ্ধি পাইছে।
‘হিণ্ডেনবাৰ্গৰ অভিযোগৰ পিছত ফিনিক্সৰ দৰে উঠি অহা গৌতম আদানী আৰু তেওঁ গ্ৰুপে এই বছৰৰ ৰেংকিঙত শীৰ্ষস্থান নিশ্চিত কৰিছে। যোৱা বছৰৰ তুলনাত ৯৫% সম্পদ বৃদ্ধি পাই তেওঁলোকৰ মুঠ ধন ১,১৬১,৮০০ কোটি টকা হৈছে। প্ৰতিবেদনত এইদৰে কোৱা হৈছে।
ইফালে ১০.১৪ লাখ কোটি টকাৰ সম্পত্তিৰে মুকেশ আম্বানীয়ে তালিকাত দ্বিতীয় স্থান লাভ কৰে। এই তালিকাত তৃতীয় স্থানত আছে এইচ চি এল টেকন’লজিছৰ শিৱ নাদাৰ গ্ৰুপ, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩.১৪ লাখ কোটি।
২.৮৯ লাখ কোটি টকাৰে চতুৰ্থ স্থানত আছে চাইৰাছ এছ পুনাৱালা আৰু ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছ আই আই) গ্ৰুপ আৰু ২.৪৯ কোটি টকাৰে পঞ্চম স্থানত ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজৰ দিলীপ শ্বাংভী ।
এই প্ৰতিবেদনৰ দেশত কোটিপতিৰ সংখ্যাই অভিলেখ সৃষ্টি কৰি ৩৩৪ জনলৈ বৃদ্ধি পাইছে। হুৰুণ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক তথা মুখ্য গৱেষক আনাছ ৰহমান জুনাইদে কয় যে দেশখনে এছিয়াৰ সম্পদ সৃষ্টিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে! প্ৰতিবেদনৰ মতে ভাৰতত ২৯% কোটিপতি বৃদ্ধি পোৱাৰ বিপৰীতে চীনত হ্ৰাস পাইছে ২৫% কোটিপতি। অৰ্থাৎ ভাৰতত দৰিদ্ৰ সংখ্যা যেনেকৈ হ্ৰাস হোৱা নাই তেনেকৈ বৃদ্ধি পাইছে বিলিয়নাৰৰ সংখ্যা।