অসমৰ বানপানীক লৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিয়া নাই৷ নিৰ্বাচনী ইস্তাহাৰত যিসমূহ বানপানীৰ কথা কৈছিল তাক এটাও গুৰুত্ব দিয়া নাই অথবা ৰূপায়ন কৰা নাই৷ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিঙিত গামোছা লৈ অসমক ভালপাওঁ বুলি ক’লেই নহ’ব বুলি কৈ মোডীৰ এনে অভিনয় অসমৰ ৰাইজে বুজি পাই গৈছে বুলি সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল আঁঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা দিয়ে ৰিপুন বৰাই৷
বৰাই কয়, “১৪ চনত ৭০ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছিল আৰু ৭০ জন মানুহ মৃত্যু মুখত পৰিছিল৷ ৯৩৭০ কোটি টকা বিছাৰিছিল কিন্তু মোডী চৰকাৰে এক টকাও অসমক নিদিলে৷২০১৫ চনৰ বানপানীত অসম চৰকাৰে কেন্দ্ৰৰ পৰা ২১০০ কোটি টকা বিচাৰিছিল৷ কিন্তু একটকাও নিদিলে কেন্দ্ৰই৷ কি দায়িত্ব আছে অসমৰ প্ৰতি তেওঁলোকৰ।”
বিজেপিক প্ৰত্যাহ্বান জনায় বৰাই কয়, “২০১৬ চনত বানপানীত সণোৱাল ডাঙৰীয়াই বিচাৰিলে ৫০৩৮ কোটি টকা৷ মোডী সেইবাৰো এটকাও নিদিলে৷ ২০১৭ চনৰ ভয়ংকৰ বানপানী কেন্দ্ৰীয় গোট এটাৰ লগতে মোডীও আহিছিল অসমত বানপানী চাবলৈ৷ কেন্দ্ৰীয় টীমটোৱে ৪ হাজাৰ কোটি টকা ক্ষয় ক্ষতি হোৱা বুলি কৈছে৷ কিন্তু অসম প্ৰেমী মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ পৰা কোনো ধৰণৰ টকা নিবিচাৰিলে।”
আনহাতে ১ আগষ্ট ২০১৭ত বানপানী চাবলৈ আহি প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ধিয়া অসমৰ কেবিনেটৰ লগত যি বৈঠক কৰি ঘোষণা কৰিছিল গোটেই উত্তৰ পূবৰ বাবে ২৩৫০ কোটি তেঁও দিব কিন্তু তাৰ এটকাও নিদিয়া বুলি উল্লেখ কৰি বৰাই কয় “অসমৰ কাৰণে ২৫০ কোটি তৎকালীন ভাবে দিম বুলি কৈছিল৷ গৰাখহনীয়াৰ বাবে ৪০০ কোটি ঘোষণা কৰিলে৷ ব্ৰহ্মপুত্ৰ ৰোধ কৰাৰ বাবে অধ্যয়ন কৰিবলৈ ১ হাজাৰ কোটিও ঘোষণা কৰিছিল৷ কিন্তু তেওঁ এটকাও নিদিলে।”
মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালক আঁঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা দি বৰাই কয় “তেখেতৰ সাহস নাই কিয় ? জাতীয় নায়ক উপাধি ল’লেই নহ’ব৷ জাতীয় নায়কৰ ইমান ভয় কিয় ? মোডী চৰকাৰৰ ওচৰত টেবুল ঢকিয়াই কিয় আনিব নোৱাৰিলে টকা৷ আপুনি ঘোষণা কৰি যোৱা টকা এয়া প্ৰাপ্য, অসমৰ ভিক্ষা নহয়৷ এয়াই অসমৰ প্ৰতি বিজেপি চৰকাৰৰ দৰদ এয়া দায়িত্ব।”
২০১৪ চনৰ পৰা ১৮ চনলৈ কেন্দ্ৰীয় চৰকাৰে ফ্লাড মেনেজমেন্টৰ জৰিয়তে এক টকাও দিয়া নাই বুলি অসমৰ দুৰ্যোগ প্ৰশমন বিভাগে আৰটি আইৰ ৰিপ্লাই কৰিছে বুলি উল্লেখ কৰি বৰাই কয়, “এছডিআৰএফ যোগে ২০১৪-১৫ বৰ্ষত ২৮৮ কোটি, ২০১৫- ৬ বৰ্ষত ৪১৪ কোটি, ২০১৬- ১৭ বৰ্ষত ৪৩০ কোটি ২০১৭- ১৮ বৰ্ষত ৪৫৬ কোটি আৰু ২০১৮ ৰ পৰা ২০২০ বৰ্ষলৈ এক টকাও পোৱা এছডিআৰএফ শিতান যোগে৷ এনডিআৰএফৰ যোগেদি মাত্ৰ ২০৮ কোটি টকা পাইছে এই চলিত বৰ্ষত।”
বিত্তীয় আয়োগ অনুসৰি যিমান টকা দিব লাগে সেই টকাও কৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে বুলি উল্লেখ কৰি বৰাই কয়, ” ১০১ খন আঁচনি নিৰূপন কৰা হৈছে বানপানীত ক্ষয় ক্ষতি ৰোধৰ বাবে৷ কিন্তু তাৰ মাত্ৰ দুখন আঁচনিৰহে কাম আৰম্ভ কৰিব পাৰিছে।”
ইফালে এওঁ লোকৰ দক্ষতা ক’ত বুলি প্ৰশ্ন কৰি বৰাই কয় “অসমৰ বানপানীৰ কাৰণে ৪২ টা আচনি নাবাৰ্ডৰ দ্বাৰা নিৰূপন কৰা হৈছে৷ ইমান নিকাম্মা চৰকাৰ ১৮ খন আঁচনিৰ বাবে টেণ্ডাৰে ল’ব নোৱাৰিলে৷ যি কেইটাৰ টেণ্ডাৰ ল’ব পাৰিলে সেই কেইটাও আৰম্ভ কৰিব পৰা নাই।”
মাৰ্চ মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰীয়ে ৩০ এপ্ৰিলৰ ভিতৰত মথাউৰিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰি বৰাই কয় “৪৫০ টা মথাউৰি ৩০ এপ্ৰিলৰ ভিতৰত নিৰ্মাণ হ’ব লাগে বুলি মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশ তাতেই শেষ হ’ল৷ কামও নহ’ল ৷ লকডাউনে মথাউৰিৰ কাম বন্ধ কৰা নাছিল৷”
প্ৰধান মন্ত্ৰী টুইট কৰি দিলেই বা ফোন যোগে মুখ্যমন্ত্ৰীক খবৰৰ ল’লেই বানপানী সমস্যা সমাধান নহয় বুলি উল্লেখ কৰি বৰাই কয় “পৰ্যাপ্ত সাহায্য পোৱা নাই বানাক্ৰান্ত সকলে৷ পশু খাদ্য নাই৷ চিকিৎসক নাই সাহায্য শিবিৰবোৰত৷ খোৱা পানীৰ ব্যৱস্থা নাই।”
ইপিনে বান পানীতো তেওঁলোকৰ চমক সৃষ্টি বুলি কৈ বানপানীত চমক সৃষ্টি নকৰিবলৈ অনুৰোধ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে৷