NORTHEAST NOW (Assamese)

বুচান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব আদিল হুছেইন অভিনীত ‘ৰাহগীৰ’

September 7, 2019 1:36 pm · গুৱাহাটী
আদিল হুছেইন। উৎস-ইণ্টাৰনেট

চলিত বৰ্ষৰ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বুচান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব ভাৰতীয় চলচ্চিত্ৰ ‘আধাৰ’ আৰু ‘ৰাহগীৰ’।

গৌতম ঘোষে পৰিচালনা কৰা ৰাহগীৰ চলচ্চিত্ৰখনত অভিনয় কৰিছে অসমৰ বিশিষ্ট অভিনেতা আদিল হুছেইনে।

আদিল হুছেইনৰ উপৰিও আগশাৰীৰৰ অভিনেতা নীৰজ কবি আৰু তিলোত্তমা শ্বোমে চলচ্চিত্ৰখনত অভিনয় কৰিছে।

তিনিগৰাকী অচিনাকী লোকে এটা ভ্ৰমণৰ সময়ত হোৱা বন্ধুত্বক কেন্দ্ৰ কৰিয়ে চলচ্চিত্ৰখনৰ কাহিনীভাগ আগবাঢ়িছে।

বেংগলী সাহিত্যিক প্ৰফুল্ল ৰয়ৰ এটা চুটি গল্পৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। বুচান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আদিল হুছেইন অভিনীত চলচ্চিত্ৰখন প্ৰদৰ্শন হোৱাক লৈ উৎফুল্লিত হৈ পৰিছে অভিনেতাগৰাকী।

নিজৰ টুইটাৰ একাউণ্টত অভিনেতাগৰাকীয়ে চলচিত্ৰখনৰ পোষ্টাৰৰ ছবি শ্বেয়াৰ কৰিছে।

উল্লেখযোগ্য যে, এচিয়ান চলচ্চিত্ৰ শিতানত হুছেইন অভিনীত চলচ্চিত্ৰখন প্ৰদৰ্শিত হ’ব।

অসমৰ গোৱালপাৰাত জন্মগ্ৰহণ কৰা আদিল হুছেইনে নিজৰ অভিনয় শৈলীৰে বলীউদৰ লগতে হলীউদতো নিজৰ স্থান নিগাজি কৰিবলৈ সক্ষম হৈছে।

লাইফ অফ এ পাই, দ্যা ইলিগেল আদি আদিল হুছেইনে অভিনয় কৰা জনপ্ৰিয় ইংৰাজী ভাষাৰ চলচ্চিত্ৰ।

পিতা-পুত্ৰ, ভাই-ভাই, ৰ’দৰ চিঠি আদিকে ধৰি ভালেমান অসমীয়া চলচ্চিত্ৰটো তেওঁ অভিনয় কৰিছে।

Related News