• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথিৱীৰ মায়া কাটি আগবাঢ়িল আদিত্য-এল১, এইবাৰ লক্ষ্য মাথোঁ সূৰ্য্য; দৃষ্টি ৰাখিছে ইছৰোই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2023 12:34 pm
336
VIEWS
Share on FacebookShare on Twitter

ইছৰোৰ সৌৰ মহাকাশযান আদিত্য-এল১য়ে পৃথিৱীৰ কক্ষপথত অন্তিম পৰ্যায় সম্পূৰ্ণ কৰিছে। কক্ষপথ সলনি কৰি মহাকাশযানখন পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ পৰা ওলাই গৈছে। এইবাৰ ইয়াৰ লক্ষ্য হৈছে সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ লেগ্ৰেঞ্জ বিন্দু বা L1 বিন্দু।

ইছৰো এক্স হেণ্ডলে জনোৱা মতে, সোমবাৰে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ২ বজাত আদিত্য-এল১য়ে পঞ্চম কক্ষপথ সলনি কৰি পৃথিৱীৰ আকৰ্ষণ শক্তিৰ বাহিৰলৈ ওলাই যায়।

ইছৰোৱে এই মহাকাশযানখনক সাময়িকভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ বাহিৰৰ ট্ৰেন্স লেগ্ৰেঞ্জিয়ান বিন্দুত স্থাপন কৰিছে। তাৰ পৰা আদিত্য-এল১ সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ এল১ বিন্দুত উপনীত হ’ব। ১১০ দিনৰ পাছত মহাকাশযানখনক এল ১ৰ ওচৰৰ আন এটা কক্ষপথলৈ প্ৰেৰণ কৰা হ’ব বুলি ইছৰোৱে জানিবলৈ দিয়ে।

লগতে পঢ়ক: গণেশ চতুর্থী বিশেষ: গণেশ পূজাত বিশেষ তাৎপৰ্যপূৰ্ণ ৰিদ্ধি-সিদ্ধি; জানেনে তেওঁলোক কোন?

ইতিমধ্যে ইছৰোৱে পৃথিৱীৰ পৰা বহু দূৰৈৰ মহাজাগতিক বস্তুৰ দিশলৈ মহাকাশযান প্ৰেৰণ কৰিছে। পৃথিৱীৰ কক্ষপথৰ পৰা মহাকাশযান পঠিয়াবলৈ এইবাৰ পঞ্চমবাৰৰ বাবে সফল হৈছে। ইয়াৰ পূৰ্বে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে চন্দ্ৰযান-৩ ত একে সফলতা লাভ কৰিছিল।

যোৱা ২ ছেপ্টেম্বৰত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা সূৰ্য্যৰ পিনে উৰা মাৰিছিল আদিত্য-এল১। ইয়াৰ পিছত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ অধীনত সৌৰ যানখন ইয়াৰ চাৰিওফালে ঘূৰি আছিল। পৃথিৱীৰ ওচৰত মুঠ পাঁচটা কক্ষপথ পৰিৱৰ্তনৰ পিছত অৱশেষত ই ইয়াৰ আকৰ্ষণৰ পৰা হাত সাৰিবলৈ সক্ষম হয়।

Aditya-L1 Mission:
Off to Sun-Earth L1 point!

The Trans-Lagrangean Point 1 Insertion (TL1I) maneuvre is performed successfully.

The spacecraft is now on a trajectory that will take it to the Sun-Earth L1 point. It will be injected into an orbit around L1 through a maneuver… pic.twitter.com/H7GoY0R44I

— ISRO (@isro) September 18, 2023

আদিত্য-এল১ সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ L1 বিন্দুত উপস্থিত হৈ সূৰ্য্যক নিবিড়ভাৱে নিৰীক্ষণ কৰিব। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ব ১৫ লাখ কিলোমিটাৰ। ইয়াৰ ফলস্বৰূপে ভাৰতীয় বিজ্ঞানীসকলে সূৰ্য্যৰ বিষয়ে বহুতো অজ্ঞাত তথ্য জানিব পাৰিব বুলি আশা কৰা হৈছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd