প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন যুটীয়া সচিব অশোক শইকীয়াৰ কনিষ্ঠ পুত্ৰ আদিত্য শইকীয়াৰ কোভিডত মৃত্যু,গুণমুগ্ধৰ শোক

Allahabad_HC

কালান্তক কোভিডে কাঢ়ি নিলে আৰু এগৰাকী প্ৰতিভাৱান অসমীয়াৰ প্ৰাণ।

কোভিডত আক্ৰান্ত হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসম সন্তান আদিত্য শইকীয়াই।

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনত   প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ যুটীয়া সচিব হিচাবে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অশোক শইকীয়াৰ কনিষ্ঠ পুত্ৰ আদিত্য শইকীয়াই আজি কোভিডত আক্ৰান্ত হৈ গুৰুগ্ৰামৰ বেদান্ত মেডিচিটি হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪১ বছৰ।

১৯৮০ চনৰ ১ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰা আদিত্য শইকীয়াই মৃত্যুৰ সময়ত  প্ৰায় চাৰি বছৰীয়া এটি পুত্ৰ সন্তান এৰি থৈ গৈছে।  উল্লেখ্য তেওঁ জন্মগ্ৰহণ কৰা পৰিয়ালটো তিতাবৰৰ এটা সম্ভ্ৰান্ত মৌজাদাৰৰ পৰিয়াল।

তেজপুৰৰ সম্ভ্ৰান্ত ডঃ প্ৰমথেশ্বৰ বৰুৱা পৰিয়ালৰ এগৰাকী কন্যাক তেওঁ বিয়া কৰাইছিল।

সৰুৰে পৰা অতি মেধাৱী ছাত্ৰ হিচাবে পৰিচিত আদিত্য শইকীয়াই দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতে নেদাৰলেণ্ডৰ এবিএছৰ পৰা ইণ্টাৰনেশ্যনেল বিজনেএছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

ৰটচাইল্ড নামৰ বিশ্ব বিখ্যাত প্ৰতিষ্ঠানটোত ১১ বছৰ ধৰি কাম কৰাৰ অন্তত আদিত্য শইকীয়াই গ্ৰাম তৰংগ

এমপ্লয়বিলিটি ট্ৰেইনিং চাৰ্ভিচেজ নামৰ দক্ষতা বিকাশ সম্পৰ্কীয় প্ৰতিষ্ঠানটোত যোগদান কৰিছিল।

তেওঁ ৬ বছৰ ধৰি লণ্ডনত এগৰাকী ইকুইটি কেপিটেল মাৰ্কেট বিশেষজ্ঞ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০৮ চনত তেওঁ ৰটচাইল্ড ইণ্ডিয়াৰ মুম্বাইৰ কাৰ্যালয়ত যোগদান কৰিছিল আৰু ২০০৯ চনৰ জানুৱাৰী মাহত তেওঁ ৰটচাইল্ডৰ দিল্লী কাৰ্যালয়লৈ বদলি হৈ আহিছিল।

ইয়াৰ পিছতে গ্ৰাম তৰংগৰ সৈতে জৰিত হৈ গুৱাহাটী আৰু উত্তৰ পূৰ্বাঞ্চলত সংস্থাটোৰ  কেন্দ্ৰৰ সংখ্যা ৫ টালৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত দক্ষতা বৃদ্ধিৰ কাৰ্যসূচীত একাণপটীয়া ভাবে আত্মনিয়োগ কৰা আদিত্য শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে তেওঁৰ গুণমুগ্ধসকলৰ মাজত শোকৰ ছাঁ পৰিছে।

প্ৰয়াত আদিত্য শইকীয়াৰ পিতৃ অশোক শইকীয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এগৰাকী যুটীয়া সচিব আছিল।

২০০৭ চনত অশোক শইকীয়াৰ মৃত্যু ঘটিছিল।