• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনজাতিকৰণ প্ৰদান নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব আদিবাসী জাতীয় মহাসভাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 12, 2018 9:08 pm
5.2k
VIEWS
Share on FacebookShare on Twitter

‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ সময়ছোৱাত যদি জনজাতিকৰণ নকৰে তথা অন্যান্য দাবীসমূহ মানি নলয়, তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত আদিবাসী জাতীয় মহাসভাই বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিম।‘ এই মন্তব্য আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি বলদেব তেলীৰ।

আজি আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত আদিবাসী জাতীয় মহাসভাৰ অন্তৰ্ভুক্ত সংগঠন আদিবাসী সুৰক্ষা সমিতিয়ে দিনৰ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে। লগতে তেওঁলোকৰ দাবী পূৰণ নকৰাৰ বাবে  নাগাৰা বাদনেৰেও প্ৰতিবাদ সাব্যস্ত কৰে।

আজি ধৰ্মঘটস্থলীৰ পৰাই বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে সমাধান কৰিব নোৱাৰা জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিপেজি চৰকাৰৰ দিনত ই এক প্ৰহসনত পৰিণত হোৱা বুলি উল্লেখ কৰে আদিবাসী জাতীয় মহাসভাই।

আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে নৰ্থ ইষ্ট নাওৰ আগত ক্ষোভ উজাৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে আদিবাসীসকলক চূড়ান্ত অৱহেলা কৰি অহা বুলি কয়।

তাৰোপৰি সভাপতি গাৰকীয়ে কয় যে ‘ৰাজ্যৰ বিজেপি চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে কৈছিল যে চৰকাৰ পৰিৱৰ্তন হ’লে ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব। কেন্দ্ৰীয় চৰকাৰেও লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই একে প্ৰতিশ্ৰুতিয়েই প্ৰদান কৰিছিল যদিও সময় উকলি যাবৰ হ’ল, কিন্তু আদিবাসীসকলৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰিলে।‘

লগতে সভাপতি গৰাকীয়ে ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে অসমৰ পৰা আলোচনাৰ বাবে অহা সংগঠনৰ নেতা সকলে কেৱল ফটো উঠিবৰ বাবেহে অহা বুলি কোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।

আনকি দিল্লীলৈ আলোচনাৰ বাবে জনগোষ্ঠীয় নেতাসকলক মাতি নি একপ্ৰকাৰৰ ভেকো-ভাওনা কৰে বুলিও গুৰুতৰ অভিযোগ তুলি আদিবাসী জাতীয় মহাসভাই  ‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ অসমৰ সংগঠনসমূহৰ পক্ষত নাই’ বুলি আজিৰ প্ৰতিবাদস্থলীত উল্লেখ কৰে।

আজি ধৰ্মঘটস্থলীতে জনজাতিকৰণৰ অন্তৰ্ভুক্ত হোৱাটো আদিবাসীসকলৰ জন্মগত অধিকাৰ বুলি দাবী কৰি বলদেৱ তেলীয়ে আদিবাসী চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰাৰ উপৰিও বেআইনীভাৱে দখল কৰা আদিবাসীসকলৰ ভূমি পট্টা ঘূৰাই দিয়াৰ বাবে দাবী জনায়।

তাৰোপৰি আদিবাসী জাতীয় মহাসভাৰ আন আন দাবীসমূহ হ’ল ক্ৰমে ‘আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ দাবীসমূহ ৰাজনৈতিক আলোচনাৰ মাজেৰে সমাধান কৰা, অসমত চাহ জনগোষ্ঠী নামটো সলনি কৰি আদিবাসী নামেৰে নামাকৰণ কৰা আৰু উচ্ছেদিত আদিবাসী কৃষকসকলক ভূমি আবণ্টন দি পুনৰ সংস্থাপন কৰা’ আদি।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd