মণিপুৰ হিংসাৰ প্ৰতিবাদ: সাহিত্যিক বঁটা নাকচ আদিবাসী কবি জেচিন্তা কেৰকেট্টাৰ

Jacinta Kerketta

গোষ্ঠীগত হিংসাই ৰক্তাক্ত কৰি মণিপুৰত এতিয়াও অব্যাহত আছে ভয়াৱহতা। ৰাজ্যখনৰ এই হিংসাজৰ্জৰ পৰিস্থিতিৰ চিকাৰ হৈছে শ শ লোক, গৃহহাৰা হৈ পৰিছে অসংখ্য মণিপুৰী জনতা।

হিংসাজৰ্জৰ ৰাজ্যখনলৈ তাৰ পিছতো আগমণ নঘটিল প্ৰধানমন্ত্ৰী মোদীৰ। মণিপুৰ সন্দৰ্ভত বিশেষ মন্তব্যও শুনা নগ’ল প্ৰধানমন্ত্ৰীগৰাকীৰ মুখত। প্ৰধানমন্ত্ৰী মোদীৰ দৰেই মৌন দেখা গ’ল দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমকো।

সংবাদ মাধ্যমে এইদৰে মণিপুৰ সন্দৰ্ভত অৱলম্বন কৰা মৌনতাৰ প্ৰতিবাদত দেশৰ আগশাৰীৰ সংবাদ সংস্থা ইণ্ডিয়া টুডে গ্ৰুপে আগবঢ়োৱা সাহিত্যিক বঁটা নাকচ কৰিছে আদিবাসী কবি তথা সমাজকৰ্মী জেচিন্তা কেৰকেট্টাই।

স্থানীয় ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি দি ইণ্ডিয়া টুডে গোটে প্ৰদান কৰা সাহিত্য পুৰস্কাৰ আজ টক সাহিত্য জাগৃতি উদীয়মান প্ৰতিভা সন্মান নাকচ কৰে জেচিন্তা কেৰকেট্টাই।

আদিবাসী অধিকাৰ সন্দৰ্ভত সততে শক্তিশালী স্থিতি গ্ৰহণ কৰি অহা কেৰকেট্টাই বঁটা নাকচ কৰি সমগ্ৰ দেশতে আদিবাসীসকলৰ ওপৰত আক্ৰমণ চলি থকাৰ সময়ত তেওঁ সু-বিবেকেৰে এই বঁটা গ্ৰহণ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে।

সামাজিক মাধ্যমত এক পোষ্ট যোগে তেওঁ কয়, “যেতিয়া দেশজুৰি আদিবাসীসকলক আক্ৰমণ কৰা হয়, যেতিয়া মণিপুৰৰ জনজাতীয় লোকসকলে প্ৰতিদিনে দুখভোগ কৰি আছে, যেতিয়া আদিবাসী জীৱনৰ গৌৰৱ ধ্বংস হৈছে– কোনো বঁটাই সাহিত্যিক তথা কবিসকলক কিদৰে আনন্দিত কৰিব পাৰে?”

মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বাতৰি পৰিবেশন নকৰাৰ বাবেও মূলসুঁতিৰ সংবাদ মাধ্যমক তীব্ৰ সমালোচনা কৰে সাহিত্যিক তথা সমাজকৰ্মীগৰাকীয়ে।

উল্লেখ্য যে, যোৱা মে’ মাহৰ পৰাই হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰিছে মণিপুৰত। ইয়াৰ ফলশ্ৰুতিত গত ২০০ দিনতকৈও অধিক সময় ধৰি ইণ্টাৰনেট বন্ধ হৈ আছে ৰাজ্যখনত।