শীতৰ আমেজ লোৱা নহ’ব মহানগৰবাসীৰ : ব্ৰহ্মপুত্ৰৰ পাৰত বালিভোজ খোৱাত নিষেধাজ্ঞা প্ৰশাসনৰ

11643327123_f17ce4deae_b

হাতীশিলা। ফটো : ফ্লিকাৰৰ সৌজন্যত

ব্ৰহ্মপুত্ৰৰ পাৰৰ সকলো বনভোজস্থলীতে বালিভোজ খোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। দেওবাৰে হাতীশিলাৰ বনভোজস্থলীত বনভোজ খাবলৈ যোৱা দলৰ বহু বাহন বোকাত আবদ্ধ হৈ পৰিছিল। হাতীশিলাৰ বনভোজস্থলীৰ ঘটনাৰ পাছতে প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে।

ইপিনে, হাতীশিলাৰ বনভোজস্থলী অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে। দেওবাৰে লুইতৰ বোকাত আবদ্ধ হৈ পৰা বহুকেইখন বাহন হাতীশিলাৰ বনভোজস্থলীত আজিও আবদ্ধ হৈ থকাত প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখে।

উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়া হাতীশিলাত প্ৰকৃতিৰ মাজত আমেজ ল’বলৈ যোৱা বনভোজ প্ৰেমীসকলে দুৰ্ভোগ ভূগিবলগীয়া হয়। কদৰ্য পথৰ বাবে মহানগৰীৰ নিচেই কাষৰ হাতীশিলাত কেইবাখনো যানবাহন আৱদ্ধ হৈ পৰে। বনভোজলৈ যোৱা কেইবাখনো বাহন বোকাত আৱদ্ধ হৈ পৰাৰ ফলত বাহনৰ যাত্ৰীসকলৰ মাজত অসহায় অৱস্থাৰ সৃষ্টি হয়।

বনভোজ খাবলৈ অহা লোকসকলে কণ কণ শিশুক বোকোচাত লৈ ৰাজপথতে  নিশা পাৰ কৰিবলগীয়া অৱস্থা হয়। আনহাতে, প্ৰশাসনে পুৱতি নিশা প্ৰায় ৩ বজালৈ জেচিবিৰে উদ্ধাৰ অভিযান চলায় যদিও আটাইকেইখন গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

জানিব পৰা মতে, নিশাৰ আন্ধাৰ আৰু বোকাৰ বাবে গাড়ীবোৰ উদ্ধাৰ কৰাত অসুবিধাৰ সৃষ্টি হয়। ঘটনাৰ পাছত লোকসকলো সহায় বিচাৰি আৰক্ষীক জনাইছিল।

প্ৰশাসনৰ নিৰ্দেশ মতে পৰিচালনা সমিতিয়ে বোকাময় পথছোৱা মেৰামতি নকৰালৈকে বনভোজস্থলী বন্ধ থাকিব।