অসম আৰক্ষীৰ কনিষ্টবলৰ (UB) আৰু (AB) পদৰ বাবে হ’বলগীয়া পৰীক্ষাৰ প্ৰৱেশপত্ৰ প্ৰকাশ পাইছে। ৰাজ্যিক পৰ্য্যায়ৰ আৰক্ষী নিয়োগ বৰ্ড (SLPRB)ৰ ৱেবছাইটত প্ৰৱেশপত্ৰ উপলব্ধ। পৰীক্ষাৰ্থীসকলে বিভাগীয় ৱেবছাইট slprbassam.inত গৈ প্ৰৱেশপত্ৰ ডাউনল’ড কৰিব পাৰিব।
প্ৰৱেশপত্ৰ ডাউনল’ডৰ অন্তিম তাৰিখ ২৫ মাৰ্চ ২০২০। উক্ত সময় পাৰ হৈ যোৱাৰ পিছত কোনো প্ৰৱেশপত্ৰ জাৰি কৰা নহয় বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।
উল্লেখযোগ্য যে নিযুক্তি পৰীক্ষা দুটা ভাগত অনুষ্ঠিত হ’ব, শাৰিৰীক সক্ষমতা পৰীক্ষা (PST) আৰু শাৰিৰীক যোগ্যতা পৰীক্ষা (PET)।
প্ৰৱেশপত্ৰ ডাউনল’ড কৰাৰ ষ্টেপসমূহ :
১. SLPRB অসমৰ ৱেবছাইট slprbassam.in খুলি লওক।
২. ৱেবছাইটৰ হ’মপে’জত থকা download the admit card লিংকটোত ক্লিক কৰক।
৩. এটা নতুন পে’জ খোল খাব।
৪. ইয়াত আপোনাৰ ফ’ন নাম্বাৰ বা এপ্লিকেচন ID টো দি login কৰক।
৫. স্ক্ৰিনত আপোনাৰ প্ৰৱেশপত্ৰখন ডিছপ্লে হ’ব।
৬. প্ৰৱেশপত্ৰখন ডাউনল’ড কৰি তাৰ এটা প্ৰিণ্ট আউট উলিয়াই ৰাখক।