বিদেশী ন্যায়াধিকৰণৰ ২২১ জন সদস্য নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

ghuiekplkk-1534353651-1140x570

ধুবুৰীৰ বিদেশী ন্যায়াধিকৰণৰ কাৰ্যালয়। ফাইল ফটো

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে অসমত দুশখন অতিৰিক্ত বিদেশী ন্যায়াধিকৰণ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নতুন ন্যায়াধিকৰণকে ধৰি ন্যায়াধিকৰণৰ মুঠ ২২১ টা সদস্য পদ পূৰণৰ নিমিত্তে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে বিজ্ঞাপন প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে অহা ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিত যিসকল লোকৰ নাম বাদ পৰিব তেওঁলোকে আপীলৰ বাবে পৰ্যাপ্ত সুযোগ পোৱাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এহাজাৰখন বিদেশী ন্যায়াধিকৰণ স্থাপনৰ প্ৰস্তাৱ দিছিল।

মন্ত্ৰালয়ে ইয়াৰে ৪০০ খন স্থাপনৰ বাবে অনুমোদন দিয়ে আৰু তাৰ ভিতৰত প্ৰথম পৰ্যায়ত ২০০ খন স্থাপন কৰাৰ কাম আৰম্ভ হৈছে। এই ন্যায়াধিকৰণসমূহ কাৰ্যক্ষম কৰি তুলিবলৈ প্ৰয়োজনীয় যোগ্যতা সম্পন্ন লোকৰ সন্ধানৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে।

সেই অনুসাৰে ন্যায়াধিকৰণৰ বিচাৰকৰ অভাৱ দূৰ কৰিবলৈ সদস্য নিযুক্তিৰ ক্ষেত্ৰত কিছু চৰ্ত শিথিল কৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

বিজ্ঞাপন অনুসৰি, ন্যায়াধিকৰণৰ সদস্য পদৰ বাবে সাত বছৰৰ অভিজ্ঞতা থকা ৩৫ বছৰ বয়সৰ ভিতৰৰ অধিবক্তায়ো আবেদন কৰিব পাৰিব।

তদুপৰি. ন্যায়িক অভিজ্ঞতা থকা পূৰ্বে সচিব বা অতিৰিক্ত সচিব পদত কাৰ্যনিৰ্বাহ কৰা অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অৱসৰপ্ৰাপ্ত ন্যায়িক সেৱাৰ বিষয়ায়ো আবেদন কৰিব পাৰিব।

আবেদনকাৰীৰ অসমৰ চৰকাৰী ভাষাৰ ওপৰত সম্যক জ্ঞান থাকিব লাগিব আৰু বিদেশী সমস্যাৰ ক্ষেত্ৰত ঐতিহাসিক জ্ঞান থাকিব লাগিব। প্ৰথম অৱস্থাত সদস্যসকলক এবছৰৰ বাবে নিযুক্তি দিয়া হ’ব যদিও প্ৰয়োজন সাপেক্ষে নিযুক্তিৰ ম্যাদ বৃদ্ধি কৰা হ’ব।

আনহাতে, প্ৰাৰ্থীসকলে ১১ জুনৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীসকলে। অহা ২৫জুন অনলাইন আবেদনৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।