• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন বছৰত আদালতত প্ৰথমবাৰ ভৰি থৈয়ে আকস্মিক মৃত্যু বৰ্ষীয়ান অধিবক্তাৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
January 2, 2019 10:22 pm
http://golaghatjudiciary.gov.in

ছবি-golaghatjudiciary.gov.inৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱবৰ্ষৰ দ্বিতীয় দিনটোত প্ৰথমবাৰলৈ বুলি আদালতৰ পদূলিত ভৰি থৈয়ে ঢলি পৰি বুধবাৰে আকস্মিক মৃত্যু সাবটি লৈছে গোলাঘাটৰ বিশিষ্ট অধিবক্তা ঘনকান্ত বৰুৱাই।

দিনৰ প্ৰায় ১১.৪৫ বজাত গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখতে ঢলি পৰে ৬৮ বছৰীয়া বৰুৱা।

Apply Now

লগে লগে তেওঁক কুশল কোঁৱৰ অসামৰিক চিকিৎসালৈ নিয়া হয় যদিও চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

তেওঁ উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

৪২ বছৰ ধৰি ওকালতিত জড়িত হৈ থকা বৰুৱা গোলাঘাট অধিবক্তা সন্থাৰ সম্পাদক হৈ থকা অৱস্থাতে নিৰ্মাণ আৰম্ভ হৈছিল সন্থাৰ ভৱনটোৰ।

ওকালতি জীৱনৰ প্ৰথমচোৱাত দেৱানী আৰু ফৌজদাৰী উভয় গোচৰৰ কাম কৰা বৰুৱাই পিছলৈ দেৱানী অধিবক্তা হিচাপে সুনাম অর্জন কৰে।

বৰুৱাৰ আকস্মিক বিয়োগত অধিবক্তাসকলৰ লগতে আদালতৰ ন্যায়িক বিষয়া আৰু কৰ্মচাৰীসকলৰ মাজতো শোকৰ ছাঁ পৰে।

তেওঁৰ নশ্বৰ দেহ চিকিৎসালয়ৰ পৰা প্ৰথমে অধিবক্তা সন্থাৰ কাৰ্য্যালয়লৈ অনাৰ পিছত সন্থাৰ সভাপতি মহেন্দ্ৰ নাথ দত্ত, সম্পাদক দুৰ্গা প্ৰসাদ জয়ছোৱাল, জিলা আৰু সত্ৰ ন্যায়াধীশ সত্যজিৎ খাউণ্ড, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়দেৱ কোঁচ, মহকুমা ন্যায়িক দণ্ডাধীশ (সদৰ) বিচিত্ৰা দত্তৰ অন্যান্য ন্যায়িক বিষয়া-কৰ্মচাৰী আৰু সন্থাৰ সদস্যসকলে শেষ শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পিছত তেওঁৰ নশ্বৰ দেহ আধাৰ সত্ৰৰ বাসগৃহলৈ নি শেষকৃত্য সম্পন্ন কৰা হয়।

তেওঁ আধাৰ সত্ৰ নিবাসী কমিউনিষ্ট নেতা প্ৰয়াত নৰেন বৰুৱাৰ একমাত্ৰ পুত্ৰ আছিল। গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি গুৱাহাটীৰ জে বি ল কলেজৰ পৰা তেওঁ আইনৰ ডিগ্ৰী লাভ কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ এগৰাকী জ্যেষ্ঠ ভগ্নী, দুগৰাকী ভগ্নীৰ লগতে পত্নী, দুগৰাকী কন্যা আৰু অধিবক্তা পুত্ৰ অনিৰ্বাণ বৰুৱাক ইহ সংসাৰত এৰি থৈ গৈছে।

গোলাঘাটৰ সামাজিক ক্ষেত্ৰখনত পৰিচিত ব্যক্তি বৰুৱাৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd