• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমুদ্ৰাকৰণৰ প্ৰভাৱ! এটিএমত নাই ১০০-২০০ টকা, সাধাৰণ শ্ৰেণীৰ মাজত হাহাকাৰ অৱস্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 30, 2018 10:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৪-৫ মাহ ধৰি মহানগৰীৰ বহুকেইটা এটিএমত ১০০-২০০ টকীয়া নোটৰ অভাৱে মহানগৰবাসীক বিপাঙত পেলাইছে। ফলত মহানগৰৰ সাধাৰণ শ্ৰেণীৰ লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

মহানগৰীৰ বহুকেইটা এটিএমত বৰ্তমান ৫০০-২০০০ টকীয়া নোটহে উপলদ্ধ, যাৰ বাবে মহানগৰবাসী খুচুৰা ধনৰ অভাৱত ভুগিছে। মহানগৰীৰ বিভিন্ন সমস্যাৰ মাজত বৰ্তমান এটিএমত ১০০-২০০ টকীয়া নোটৰ অভাৱে সাধাৰণ শ্ৰেণীৰ মাজত এক নতুন সমস্যা হিচাপে দেখা দিছে।

Apply Now

উল্লেখযোগ্য যে বিমুদ্ৰাকৰণৰ পাছতেই এটিএমসমূহত ধনৰ অভাৱ হোৱাৰ লগতে ৰাজ্যৰ জনসাধাৰণৰ মাজত খুচুৰাৰ নাটনি হৈছিল। সেয়েহে বিমুদ্ৰাকৰণৰ প্ৰভাৱতে এনেদৰে এটিএমসমূহত ১০০-২০০ টকীয়া নোটৰ অভাৱ ঘটা বুলি একাংশ সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে বেংকসমূহত বিশেষকৈ ভাৰতীয় ষ্টেট বেংকত জাননীৰ আকাৰত এখন ফলক আঁৰি থোৱা দেখিবলৈ পোৱা যায় যে  ‘১০০ টকাৰ পৰা ২৫০০০ টকালৈকে এটিএমৰ জৰিয়তে লেনদেন কৰক।’ তেনে পৰিপ্ৰেক্ষিতত এটিএমত ১০০-২০০ টকীয়া নোটৰ অভাৱক কেন্দ্ৰ কৰি গ্ৰাহকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে কিছুসংখ্যক ভুক্তভোগী গ্ৰাহকে প্ৰশ্ন কৰে যে জৰুৰীকালীন অৱস্থাত যদি ১০০-২০০ টকীয়া নোট নাপায় বা এটি এমত ধনৰ অভাৱ ঘটে, তেন্তে ২৪*৭ এটি এম খোলা ৰখাৰ কি প্ৰয়োজন আছে?

এই সম্পৰ্কত মহেন্দ্ৰ দাস নামৰ এগৰাকী এটিএমৰ গ্ৰাহকে নৰ্থ ইষ্ট নাওক কয় ‘বিমুদ্ৰাকৰণৰ বাবেই এটি এমত ১০০-২০০ টকীয়া নোটৰ অভাব ঘটিছে।’

তেওঁ লগতে কয় ‘অভিজাত শ্ৰেণীৰ মানুহৰ ১০০-২০০ টকীয়া নোটৰ বৰ বিশেষ প্ৰয়োজন নহয়। কিন্তু আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ এনেদৰে খুচুৰা পইচা নাথাকিলে চলিবলৈ বহু অসুবিধা হয়।’

আনহাতে, আন এগৰাকী এটি এম গ্ৰাহক কুলদ্বীপ ইইকীয়াই এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এইদৰে ‘সৰ্ব সাধাৰণ মানুহে যদি এটিএমত গৈ বাৰেপতি ৫০০ অথবা ২০০০ টকীয়া নোট উলিয়াই থাকিবলগীয়া হয়, তেনেক্ষেত্ৰত যদি তেওঁৰ আয় ৬০০০ বা ৭০০০ টকা হয়, তেন্তে তেওঁৰ জমাধনসমূহ সোনকালেই শেষ হৈ যাব। কাৰণ ধন হাতত বেছিসময় নাথাকে।’

উল্লেখযোগ্য যে আমি লগ পোৱা বহুকেইজন সাধাৰণ শ্ৰেণীৰ ৰাইজে ৰিক্সাৱালা অথবা অন্যান্য বাহনক ভাড়া দিওঁতে খুচুৰাৰ অভাৱ হোৱা বুলি আমাক জনায়। এইদৰেই খুচুৰাৰ অভাৱে জুৰুলা ভুগাইছে মহানগৰবাসীক।

ইফালে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ এটিএমসমূহতো ১০০-২০০ টকীয়া নোটৰ অভাৱ হোৱা বুলি জানিব পৰা গৈছে।

এইক্ষেত্ৰত বেংক কৰ্তৃপক্ষ অথবা চৰকাৰক এটিএমত ১০০-২০০ টকাৰ নোটৰ নাটনিৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰাৰ বাবে দাবী জনায় ভুক্তভোগী জনসাধাৰণে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

August 3, 2026 8:53 pm
কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd