• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিমুদ্ৰাকৰণৰ প্ৰভাৱ! এটিএমত নাই ১০০-২০০ টকা, সাধাৰণ শ্ৰেণীৰ মাজত হাহাকাৰ অৱস্থা

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 30, 2018 10:30 pm

2 min read

বিমুদ্ৰাকৰণৰ প্ৰভাৱ! এটিএমত নাই ১০০-২০০ টকা, সাধাৰণ শ্ৰেণীৰ মাজত হাহাকাৰ অৱস্থা
258
VIEWS
Share on FacebookShare on Twitter

বিগত ৪-৫ মাহ ধৰি মহানগৰীৰ বহুকেইটা এটিএমত ১০০-২০০ টকীয়া নোটৰ অভাৱে মহানগৰবাসীক বিপাঙত পেলাইছে। ফলত মহানগৰৰ সাধাৰণ শ্ৰেণীৰ লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

মহানগৰীৰ বহুকেইটা এটিএমত বৰ্তমান ৫০০-২০০০ টকীয়া নোটহে উপলদ্ধ, যাৰ বাবে মহানগৰবাসী খুচুৰা ধনৰ অভাৱত ভুগিছে। মহানগৰীৰ বিভিন্ন সমস্যাৰ মাজত বৰ্তমান এটিএমত ১০০-২০০ টকীয়া নোটৰ অভাৱে সাধাৰণ শ্ৰেণীৰ মাজত এক নতুন সমস্যা হিচাপে দেখা দিছে।

উল্লেখযোগ্য যে বিমুদ্ৰাকৰণৰ পাছতেই এটিএমসমূহত ধনৰ অভাৱ হোৱাৰ লগতে ৰাজ্যৰ জনসাধাৰণৰ মাজত খুচুৰাৰ নাটনি হৈছিল। সেয়েহে বিমুদ্ৰাকৰণৰ প্ৰভাৱতে এনেদৰে এটিএমসমূহত ১০০-২০০ টকীয়া নোটৰ অভাৱ ঘটা বুলি একাংশ সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে বেংকসমূহত বিশেষকৈ ভাৰতীয় ষ্টেট বেংকত জাননীৰ আকাৰত এখন ফলক আঁৰি থোৱা দেখিবলৈ পোৱা যায় যে  ‘১০০ টকাৰ পৰা ২৫০০০ টকালৈকে এটিএমৰ জৰিয়তে লেনদেন কৰক।’ তেনে পৰিপ্ৰেক্ষিতত এটিএমত ১০০-২০০ টকীয়া নোটৰ অভাৱক কেন্দ্ৰ কৰি গ্ৰাহকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে কিছুসংখ্যক ভুক্তভোগী গ্ৰাহকে প্ৰশ্ন কৰে যে জৰুৰীকালীন অৱস্থাত যদি ১০০-২০০ টকীয়া নোট নাপায় বা এটি এমত ধনৰ অভাৱ ঘটে, তেন্তে ২৪*৭ এটি এম খোলা ৰখাৰ কি প্ৰয়োজন আছে?

এই সম্পৰ্কত মহেন্দ্ৰ দাস নামৰ এগৰাকী এটিএমৰ গ্ৰাহকে নৰ্থ ইষ্ট নাওক কয় ‘বিমুদ্ৰাকৰণৰ বাবেই এটি এমত ১০০-২০০ টকীয়া নোটৰ অভাব ঘটিছে।’

তেওঁ লগতে কয় ‘অভিজাত শ্ৰেণীৰ মানুহৰ ১০০-২০০ টকীয়া নোটৰ বৰ বিশেষ প্ৰয়োজন নহয়। কিন্তু আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ এনেদৰে খুচুৰা পইচা নাথাকিলে চলিবলৈ বহু অসুবিধা হয়।’

আনহাতে, আন এগৰাকী এটি এম গ্ৰাহক কুলদ্বীপ ইইকীয়াই এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এইদৰে ‘সৰ্ব সাধাৰণ মানুহে যদি এটিএমত গৈ বাৰেপতি ৫০০ অথবা ২০০০ টকীয়া নোট উলিয়াই থাকিবলগীয়া হয়, তেনেক্ষেত্ৰত যদি তেওঁৰ আয় ৬০০০ বা ৭০০০ টকা হয়, তেন্তে তেওঁৰ জমাধনসমূহ সোনকালেই শেষ হৈ যাব। কাৰণ ধন হাতত বেছিসময় নাথাকে।’

উল্লেখযোগ্য যে আমি লগ পোৱা বহুকেইজন সাধাৰণ শ্ৰেণীৰ ৰাইজে ৰিক্সাৱালা অথবা অন্যান্য বাহনক ভাড়া দিওঁতে খুচুৰাৰ অভাৱ হোৱা বুলি আমাক জনায়। এইদৰেই খুচুৰাৰ অভাৱে জুৰুলা ভুগাইছে মহানগৰবাসীক।

ইফালে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ এটিএমসমূহতো ১০০-২০০ টকীয়া নোটৰ অভাৱ হোৱা বুলি জানিব পৰা গৈছে।

এইক্ষেত্ৰত বেংক কৰ্তৃপক্ষ অথবা চৰকাৰক এটিএমত ১০০-২০০ টকাৰ নোটৰ নাটনিৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰাৰ বাবে দাবী জনায় ভুক্তভোগী জনসাধাৰণে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd