• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন যুদ্ধৰ সূচনা! পাক সেনা ঘাটিত ব্যাপক আক্ৰমণ আফগানিস্তানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2026 8:53 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুই চুবুৰীয়া দেশ আফগানিস্তান আৰু পাকিস্তানৰ সংঘাতে এতিয়া চৰম যুদ্ধৰ ৰূপ ধাৰণ কৰিছে। শুকুৰবাৰে পাকিস্তানৰ কোহাট সীমান্তৰ সংলগ্ন অঞ্চলত তালিবান বাহিনীৰ হঠাৎ প্ৰতিশোধমূলক আক্ৰমণৰ ফলত পশ্চিম সীমান্ত উত্তপ্ত হৈ পৰে।

সূত্ৰ অনুসৰি পাকিস্তানৰ বায়ুসেনাই আফগানিস্তানৰ ভিতৰত থকা কিছুমান বিশেষ ‘উগ্ৰপন্থী ঘাটি’ত আক্ৰমণ কৰাৰ পিছত তালিবান ক্ষুব্ধ হৈ পৰে। সীমান্তৰ সিপাৰে ৰকেট আৰু গধুৰ আৰ্টিলাৰীৰ গোলা আহি পাকিস্তানী সামৰিক চকীক লক্ষ্য কৰি লয়। এই ৰক্তাক্ত সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে, যাৰ ফলত দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতিত এক নতুন অস্থিৰতাৰ মেঘ ঘণীভূত হৈছে।

Apply Now

শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হয় এই আক্ৰমণৰ ঘটনা। পাকিস্তানী সেনাই দাবী কৰিছে যে তেহৰিক-ই-তালিবান পাকিস্তানে আফগান ভূমি ব্যৱহাৰ কৰি সীমান্তৰ সিপাৰে আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰতিশোধ হিচাপে পাকিস্তানে তালিবান শিবিৰত বিমান আক্ৰমণ চলায়। কিন্তু সেই ঘটনাৰ কিছু ঘণ্টাৰ ভিতৰতে আফগান সীমান্তৰক্ষী আৰু তালিবান যোদ্ধাসকলে প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰে। কোহাট আৰু ডুৰাণ্ড লাইনৰ বিভিন্ন ঠাইত প্ৰচণ্ড গোলাবৰ্ষণ আৰম্ভ হয়। বিমান আক্ৰমণৰ প্ৰত্যুত্তৰ জনাই তালিবানে স্পষ্টকৈ কয় যে তেওঁলোকে এক ইঞ্চিও মাটি এৰি দিবলৈ ইচ্ছুক নহয়।

পাকিস্তানী সামৰিক সূত্ৰৰ মতে, কোহাটৰ কাষৰীয়া জনজাতীয় অঞ্চলত তালিবানৰ আৰ্টিলাৰীৰ গুলীত কেইবাটাও সেনাৰ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। সাধাৰণ মানুহে নিজৰ জীৱনৰ ভয়ত গাঁও এৰি পলায়ন কৰিছে।

আনহাতে তালিবান চৰকাৰে কৈছে যে পাকিস্তানৰ এই ‘আগ্ৰাসন’ কোনো প্ৰকাৰে মানি লোৱা নহ’ব। তেওঁলোকে দাবী কৰে যে পাকিস্তানে শান্তি বিঘ্নিত কৰি আফগানিস্তানৰ সাৰ্বভৌমত্ব উলংঘা কৰিছে। এই মুহূৰ্তত দুয়োখন দেশৰ বৃহৎ সেনাবাহিনী সীমান্তত মোতায়েন কৰা হৈছে।

ইছলামবাদে এসময়ত তালিবানক নিজৰ ‘ঘনিষ্ঠ বন্ধু’ বুলি দাবী কৰিছিল। কিন্তু কাবুল দখল কৰাৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। টিটিপি বিষয় আৰু ডুৰাণ্ড লাইনক লৈ বিবাদত বিশেষভাৱে উত্তপ্ত। পাকিস্তানৰ বৰ্তমানৰ শাসক আৰু সামৰিক নেতাসকলৰ মতে তালিবান শাসিত আফগানিস্তান এতিয়া তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত মূল বাধা।

নতুন দিল্লী আৰু ৱাশ্বিংটনে এই সংঘাত কিমান দূৰলৈ বিয়পে তাৰ ওপৰত চকু ৰাখিছে। কূটনৈতিক বিশেষজ্ঞৰ মতে, যদিহে এনেধৰণৰ সীমান্ত সংঘৰ্ষ শীঘ্ৰে নিয়ন্ত্ৰণলৈ অনা নহয়, তেন্তে ই এক বৃহৎ যুদ্ধৰ ৰূপ ল’ব পাৰে।

ইতিমধ্যে আফগানিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অভিযোগ দাখিল কৰিবলৈ সাজু হৈছে পাকিস্তান চৰকাৰ। আনহাতে, তালিবানৰ যোদ্ধাসকলেও পিছুৱাই যাবলৈ অনিচ্ছুক। এনে পৰিস্থিতিত ডুৰাণ্ড লাইনৰ পৰিস্থিতি যিকোনো মুহূৰ্ততে অগ্নিগৰ্ভ হৈ পৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd