ICC World Cup 2023: বিশ্ব মঞ্চত আফগানিস্তানৰ দপদপনি! ইংলেণ্ড, পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকাক দেখুৱালে খেল

আফগানিস্তানে বিশ্বকাপত ইটোৰ পিছত সিটো ডাঙৰ বিজয় সাৱ্যস্ত কৰিছে। ইংলেণ্ড, পাকিস্তানৰ পিছত এইবাৰ ৰণত পৰিল শ্ৰীলংকা।

সোমবাৰে পুনেত শ্ৰীলংকাক ৭ উইকেটত পৰাস্ত কৰি ৰছিদ খানহঁতৰ দলটোৱে তালিকাৰ পাঁচ নম্বৰলৈ আৰোহণ কৰে। মুঠ তিনিখন মেচত জয়লাভ কৰে আফগানসকলে। তেওঁলোকৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ বিশ্বকাপ।

আঘাতৰ বাবে দছুন শনাকা, লাহিৰু কুমাৰা, মথিছা পাথিৰানা খেলপথাৰৰ পৰা আঁতৰি অহাত শ্ৰীলংকাৰ বলিং দুৰ্বল হৈ পৰিছে। আফগানিস্তানে সেই সুযোগৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিলে।

প্ৰথমে বেটিং কৰি শ্ৰীলংকাৰ ইনিংছ ৪৯.৩ অভাৰত ২৪১ ৰাণত সমাপ্ত হয়। ইয়াৰ প্ৰত্যুত্তৰত আফগান দলটোৱে ৪৫.২ অভাৰত মাত্ৰ ৩টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। মেন অৱ দ্য মেচ ফাজাল হক ফাৰুকি। তেওঁ ৩৪ ৰানত ৪ উইকেট দখল কৰে।

প্ৰথমে বেটিং কৰি শ্ৰীলংকাৰ কোনো বেটছমেনে ডাঙৰ ৰান কৰিব পৰা নাছিল। পাথুম নিশংকৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। তেওঁ ৪৬ ৰান কৰি আউট হয়। তাৰ বাহিৰে কুশল মেণ্ডিছ (৩৯), ছাদিৰা সমৰবিক্ৰমে (৩৬) কিছু প্ৰচেষ্টা চলাইছিল।

ইয়াৰ প্ৰত্যুত্তৰত আৰম্ভণিতে ৰহমানুল্লাহ গুৰবাজ শূন্য ৰাণত আউট হয় যদিও টপ অৰ্ডাৰৰ সফলতাৰে আফগানিস্তানে সহজেই মেচখন জয় কৰে। তিনিজনেই অৰ্দ্ধশতৰাণ কৰে। ৰহমত শ্বাহৰ বেটৰ পৰা আহে ৬২ ৰাণ।

অধিনায়ক হাছমাতুল্লাহ শ্বাহিদী ৫৮ ৰানত আউট হয়। আজমাতুল্লাহ ওমৰজাইয়ে ৬৩টা বলত ৭৩ ৰানেৰে অপৰাজিত থাকি দলটোক বিজয়ী ৰান আনি দিয়ে।