পাকিস্তানে আফগানিস্তানৰ কাবুল, কান্দাহাৰকে ধৰি কেইবাখনো প্ৰদেশত নতুনকৈ আক্ৰমণ চলাইছে। শুকুৰবাৰে আফগানিস্তানৰ তালিবান চৰকাৰে এই দাবী কৰে। এই ঘটনাত বহু লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত শিশু আৰু মহিলাও আছে।
তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘পাকিস্তান সেনাই কাবুল, কান্দাহাৰ আৰু পাক্তিকা প্ৰদেশত বিমান আক্ৰমণ চলায়। নিৰীহ সাধাৰণ নাগৰিকক নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱা হৈছে। এই ঘটনাত বহু লোকৰ মৃত্যু হৈছে।’
আনহাতে, ইছলামাবাদে দাবী কৰিছে যে এই বিমান আক্ৰমণৰ মূল লক্ষ্য আছিল সন্ত্ৰাসবাদীক নিৰ্মূল কৰা। দীৰ্ঘদিন ধৰি তালিবান চৰকাৰে বহু সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰি আহিছে। সেই সন্ত্ৰাসবাদীয়ে বাৰে বাৰে পাকিস্তানক ৰক্তাক্ত কৰি আছে। তেওঁলোকক নিৰ্মূল কৰিবলৈ এই অভিযান চলোৱা হৈছিল। অৱশ্যে ইছলামবাদৰ এই দাবী নাকচ কৰিছে তালিবানে। ইয়াৰ বিনিময়ত তেওঁলোকে শীঘ্ৰে প্ৰতিশোধ লোৱা হ’ব বুলি জনাই দিছে।
বিগত মাহৰ পৰা পাকিস্তান আৰু আফগানিস্তানে ৰক্তাক্ত সংঘাতত লিপ্ত হৈছে। যোৱা ২৬ ফেব্ৰুৱাৰীৰ নিশা আফগান সেনাই পাকিস্তানৰ অবিৰত আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ পাকিস্তানৰ সীমান্ত অতিক্ৰম কৰে। পাকিস্তানৰ কমেও ১২টা পোষ্ট আফগানৰ নিয়ন্ত্ৰণলৈ অনা বুলিও তালিবান প্ৰশাসনে দাবী কৰে। ৫৫ জন পাকিস্তানী সেনা জোৱান নিহত হয়।
সেই আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানে আফগানিস্তানৰ কেইবাটাও অঞ্চলত আক্ৰমণ চলায়। সেই আক্ৰমণ এতিয়াও চলি আছে। প্ৰসংগক্ৰমে বুধবাৰে পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে দাবী কৰিছিল যে পাকিস্তানৰ শেহতীয়া অভিযানত ৬৪১ জন তালিবান নিহত হৈছে। আহতসকলৰ সংখ্যা প্ৰায় ৮৫৫ জন। অৱশ্যে কাবুলে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই।





