• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰিকি পণ্টিঙৰ তুলনাত এম এছ ধোনীক সবাটোকৈ সফল অধিনায়ক আখ্যা আফ্ৰিদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2020 2:46 pm
247
VIEWS
Share on FacebookShare on Twitter

অধিনায়ক হিচাপে প্ৰায় সকলোবোৰ সফলতাই অৰ্জন কৰা মহেন্দ্ৰ সিং ধোনী বৰ্তমান ক্ৰিকেট জগতৰ পৰা আঁতৰি থাকিলেও তেওঁৰ বিষয়ে চৰ্চা চলি আছে সংবাদ মাধ্যমত।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সবাটোকৈ সফল অধিনায়ক হিচাপে বিভিন্ন সময়ত বিভিন্ন জনৰ নাম উচ্চাৰিত হৈ আহিছে যদিও পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ ছাহিদ আফ্ৰিদীৰ মতে ধোনীয়ে সৰ্বশ্ৰেষ্ঠ অধিনায়ক।

এম এছ ধোনী আৰু ৰিকি পণ্টিঙৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ অধিনায়ক কোন বুলি কৰা এটা প্ৰশ্নৰ উত্তৰত আফ্ৰিদীয়ে ধোনীৰ নামটো লয়।

আফ্ৰিদীয়ে কয় যে পণ্টিঙৰ তুলনাত ধোনী সৰ্বশ্ৰেষ্ঠ কিয়নো তেওঁ এটা যুৱ প্ৰতিভাৰে ভৰা দল তৈয়াৰ কৰিছিল।

এম এছ ধোনী বিশ্বৰ একমাত্ৰ অধিনায়ক যাৰ নেতৃত্বত ভাৰতে আই চি চিৰ তিনিওটা ডাঙৰ টুৰ্ণামেণ্ট বিজয়ী হৈছিল।

উল্লেখ্য যে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক সৌৰভ গাংগুলীৰ নেতৃত্বত অভিষেক ঘটা ধোনীৰ কেৰিয়াৰৰ আৰম্ভণি সুখকৰ নাছিল। কিন্তু পাকিস্তানৰ বিৰুদ্ধে এখন মেচত খেলা দুৰ্দান্ত ইনিংছৰ পিছৰে পৰা তেওঁ আৰু কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল।

২০০৭ বৰ্ষত শচীন টেণ্ডুলকাৰৰ পৰামৰ্শমতে ধোনীক ভাৰতীয় দলৰ নেতৃত্ব প্ৰদান কৰা হৈছিল আৰু সেই বছৰে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খিতাপ অৰ্জন কৰিছিল ভাৰতে।

ইয়াৰ পিছত তেওঁৰ নেতৃত্বতে ২৮ বছৰৰ মূৰত ২০১১ এদিনীয়া বিশ্বকাপৰ খিতাপ আৰু ২০১৩ বৰ্ষৰ চেম্পিয়নছ ট্ৰফিৰ চেম্পিয়ন হৈছিল।

স্মৰ্তব্য যে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলতো ধোনীয়ে বৃহৎ সফলতা অৰ্জন কৰি থৈছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd