• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত শিৱসাগৰ আৰক্ষীয়ে বন্ধ কৰিব পাৰিবনে অ’ এন জি চিৰ ছিণ্ডিকেট?

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 15, 2019 7:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যত চলি থকা ছিণ্ডিকেট সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ঘোষণা কৰিছে। ছিণ্ডিকেটৰ লগত জড়িত যিকোনো ব্যক্তি বা গোটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ লগতে গ্ৰেপ্তাৰ পৰ্যন্ত কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধানক।

কিন্তু মুখ্য মন্ত্ৰীৰ এই নিৰ্দেশৰ পিছত দীৰ্ঘদিন ধৰি শিৱসাগৰৰ অ’ এন জি চিত চলি থকা ছিণ্ডিকেট এতিয়া বন্ধ হ’বনে বা এইক্ষেত্ৰত শিৱসাগৰ আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা লয় তাক লৈ জিলাখনৰ সচেতন ৰাইজৰ মাজত সৰব চৰ্চা চলিছে।

Apply Now

উল্লেখযোগ্য যে বিগত কেইবা বছৰ ধৰি শিৱসাগৰ অ’ এন জি চিত লোহা, কেমিকেলকে ধৰি ঠিকা কামৰ এক বৃহৎ ছিণ্ডিকেট গঢ়ি উঠিছে। যিকোনো ধৰণৰ ঠিকা কামৰ নিবিদাত অংশগ্ৰহণ কৰিবলৈ হ’লে ঠিকাদাৰসকলে উক্ত ছিণ্ডিকেট চক্ৰটোৱে গঠন কৰি দিয়া এখন কমিটিৰ অনুমোদন ল’বলৈ বাধ্য।

অভিযোগ মতে চক্ৰটোৱে ১০ শতাংশ কমিছন দিয়া লোককহে নিবিদাত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ লগতে কোনটো কাম কোনজন ঠিকাদাৰে লাভ কৰিব সেইয়াও নিদ্ধাৰণ কৰি দিয়ে। উল্লেখযোগ্য যে শিৱসাগৰৰ বিভিন্ন তৈলক্ষেত্ৰত বছৰি কেইবা হাজাৰ কোটি টকাৰ কামৰ নিবিদা আহ্বান কৰা হয়। প্ৰতিটো কামৰ বিপৰীতে ১০ শতাংশ কমিছনৰ নামত ছিণ্ডিকেট চক্ৰটোৱে কেইবাশ কোটি টকা সংগ্ৰহ কৰি আহিছে।

তাৎপৰ্যপূৰ্ণভাৱে নিবিদা প্ৰক্ৰিয়াৰ দায়িত্বত থকা অ’ এন জি চিৰ চিভিল বিভাগৰ চকুৰ সন্মুখতেই চলি থকা এই অন্যায় অনিয়ম দেখিও বিভাগটোৱে নিৰৱ ভূমিকা পালন কৰি আহিছে। অভিযোগ মতে চিভিল বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সৈতে ছিণ্ডিকেট চক্ৰটোৰ গোপন বুজাবুজি আছে।

আনহাতে ছিণ্ডিকেট চক্ৰৰ ভাবুকি নামানি একাংশ নিবনুৱা যুৱকে ঠিকা কামৰ নিবিদা দাখিল কৰিবলৈ গৈ চক্ৰটোৰ আক্ৰমণৰ বলি হ’বলগীয়া হোৱা বহুকেইটা ঘটনা সংঘটিত হৈছে। এনে ঘটনাৰ ভুক্তভোগীয়ে ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আছে। একাংশ ঠিকাদাৰৰ অভিযোগ মতে ছিণ্ডিকেট বাহিনীৰ লগত একাংশ ৰাজনৈতিক নেতা, জাতীয় সংগঠনৰ দুই এক নেতা, অ’ এন জি চিৰ বহু বিষয়া কৰ্মচাৰী জড়িত থকাৰ বাবেই তেওঁলোকে মুকলিকৈ চলাই গৈছে ছিণ্ডিকেট।

এতিয়া প্ৰশ্ন হয় ছিণ্ডিকেটৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছত শিৱসাগৰ আৰক্ষীয়ে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব। উৎখাত হ’বনে নিবিদা বাকচৰ সন্মুখত থকা অবৈধ ছিণ্ডিকেটৰ কাৰ্যালয়? পূৰ্বে ছিণ্ডিকেট চক্ৰই মাৰপিত কৰা ঠিকাদাৰ সকলে দিয়া এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবনে ছিণ্ডকেট চক্ৰৰ নেতা-পালিনেতাক? নে পুনৰ আগৰ দৰে দেখিও নেদেখাৰ ভাও ধৰি ছিণ্ডিকেট চলাই যাবলৈ দিব?

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd