• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তীব্ৰ সমালোচনাৰ পাছত থমকিল ষ্টেলিন! তামিলনাডুত নিষিদ্ধ কৰা হোৱা নাই হিন্দী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2025 7:51 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে একপক্ষীয়ভাৱে সমগ্ৰ ৰাজ্যখনতে হিন্দী ভাষা কাৰ্যতঃ নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তীব্ৰ বিতৰ্কৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন পিছ হুহকিবলৈ বাধ্য হয়। সূত্ৰ অনুসৰি তামিলনাডু চৰকাৰে প্ৰস্তাৱিত হিন্দী ভাষা নিষেধাজ্ঞা বিধেয়ক উত্থাপন নকৰে। প্ৰধানত ইয়াৰ সৈতে দুটা কাৰণ নিহিত হৈ আছে। এটা, বিধেয়কখনৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে সৃষ্টি হোৱা বৃহৎ সামাজিক বিতৰ্ক। দুই, সাংবিধানিক দৃষ্টিকোণৰ পৰা এনে বিধেয়কৰ বৈধতাক লৈ থকা সন্দেহ।

সূত্ৰ অনুসৰি হিন্দী ভাষা নিষেধাজ্ঞা বিধেয়কৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ বাবে বিৰোধী শিবিৰেও ষ্টেলিনক তীব্ৰ সমালোচনা কৰে। বিজেপিয়ে বিধেয়কখনক অবাস্তৱ আৰু ভিত্তিহীন বুলি অভিহিত কৰে। গেৰুৱা শিবিৰৰ দাবী যে অহা বছৰ তামিলনাডুৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ আগতে ডি এম কে-য়ে তামিল আৱেগক তুষ্টিকৰণ কৰি ভোট লাভৰ চেষ্টা চলাইছে। এই সকলোবোৰৰ মাজতে প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে এটা নিৰ্দিষ্ট ভাষাক কাৰ্যতঃ নিষিদ্ধ ঘোষণা কৰাটো সাংবিধানিক হয়নে?

Apply Now

সূত্ৰ অনুসৰি এই ভাষা বিতৰ্ক তীব্ৰতৰ হৈ পৰাত ষ্টেলিনে ততাতৈয়াকৈ ডি এম কেৰ শীৰ্ষ নেতৃত্বৰ বৈঠক আহ্বান কৰে। তাতেই সিদ্ধান্ত লোৱা হয় যে এই বিধেয়কখন উত্থাপন কৰা নহ’ব। ডি এম কেৰ জ্যেষ্ঠ নেতা টি কে এছ উল্গানাথনে কয় যে, “আমি সংবিধানৰ কাঠামোৰ ভিতৰত সকলো সিদ্ধান্ত লম। সংবিধান উলংঘা কৰিব পৰা কোনো সিদ্ধান্ত লোৱা নহ’ব।” সূত্ৰ অনুসৰি বিতৰ্কিত বিধেয়কখন সম্প্ৰতি বিধানসভাত দাখিল কৰা নহ’ব। অৱশ্যে হিন্দী আগ্ৰাসনৰ বিৰোধিতা দলটোৱে অব্যাহত ৰাখিব।

উল্লেখ্য যে হিন্দী আৰু আঞ্চলিক ভাষাৰ এই সংঘাত দীৰ্ঘদিনীয়া। পেৰিয়াৰ-আন্নাদুৰাইৰ সময়ৰে পৰা দ্ৰাবিড় ৰাজ্যসমূহে হিন্দী আগ্ৰাসনৰ বিৰোধিতা কৰি আহিছে। শেহতীয়াকৈ তামিলনাডুৱে কেন্দ্রৰ ত্ৰিভাষিক নীতিৰ বাবে হিন্দীৰ বিৰোধিতাৰ গ্রহণ নীতি নতুনকৈ গ্ৰহণ কৰিছে৷ এম কে ষ্টেলিনে বাৰে বাৰে কৈ আহিছে যে ত্ৰিভাষিক শিক্ষাৰ জৰিয়তে অহিন্দীভাষী ৰাজ্যৰ ওপৰত হিন্দী জোৰ কৰি জাপি দিবলৈ চেষ্টা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd