• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমতে আমি নাগৰিকত্ব বিধেয়ক আনিম, তাৰ পিছতহে এন আৰ চি : অমিত শ্বাহ

নাগৰিকত্ব বিধেয়কক লৈ বিজেপিৰ দুমুখীয়া স্থিতি; সভাপতি-সাধাৰণ সম্পাদকৰ বিপৰীত ভাষ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2019 10:27 pm
We will provide Hindi training classes for people of NE, Says Amit Shah

অমিত শ্বাহৰ ফাইল ছবি।

805
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰা হ’ব। এই ঘোষণা বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। আজি পশ্চিমবংগত এক নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ পুনৰ এইদৰে বিজেপি ক্ষমতাত আহিলে নাগৰিকত্ব বিধেয়ক অনাৰ কথা দোহাৰিলে দলটোৰ সভাপতিগৰাকীয়ে।

উল্লেখযোগ্য যে ৰাজ্যসভাত নাগৰিকত্ব বিধেয়কক উত্থাপন কৰাত বিফল হোৱা বিজেপিয়ে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিধেয়ক সন্দৰ্ভত অতি কৌশলী আৰু দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে।

যোৱা ১৬ এপ্ৰিলত শিলচৰত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ‘চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পাছতে বিধেয়কখন উত্থাপন কৰা হ’ব’ বুলি মন্তব্য কৰিছিল।

নাগৰিকত্ব বিধেয়কক লৈ ৰাম মাধৱে কি কৈছিল জানিবলৈ পঢ়ক : চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতে উত্থাপন কৰা হ’ব নাগৰিকত্ব বিধেয়ক : ৰাম মাধৱ

আজিৰ সভাত শ্বাহে, এন আৰ চিৰ বিৰোধিতা কৰি অহা পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ‘জনসাধাৰণক বিপথে পৰিচালিত’ কৰি আহিছে বুলি উল্লেখ কৰি বিজেপি পুনৰ ক্ষমতালৈ আহিলে দেশৰ প্ৰত্যেকখন ৰাজ্যতে এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

তেওঁ কয়, ‘একো একোজন অনুপ্ৰৱেশকাৰীক বাহিৰ কৰিবলৈ সমগ্ৰ দেশজুৰি এন আৰ চি অনাটো আমাৰ প্ৰতিশ্ৰুতি। প্ৰথমতে, আমি নাগৰিকত্ব (সংশোধনী) বিধেয়ক আনিম, যাতে সকলো শৰনাৰ্থীয়ে নাগৰিকত্ব পায়, আৰু তাৰ পিছত অনুপ্ৰৱেশকাৰী সকলক বাহিৰ কৰিবলৈ আমি এন আৰ চিক আনিম।‘

‘শৰনাৰ্থীসকলক নাগৰিকত্ব দিয়া হ’ব আৰু তেওঁলোক সম্পূৰ্ণ মৰ্য্যাদা সহকাৰে এই দেশত থাকিব’-শ্বাহে কয়।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd