NORTHEAST NOW (Assamese)

তিনিটা সমষ্টিৰ সংযোগস্থলত থকা দলঙৰ জৰাজীৰ্ণ ৰূপ; স্থানীয় ৰাইজে নিজে কৰিলে মেৰামতি

September 2, 2019 11:40 am · ভাৰ্গব হাজৰিকা

ৰাজ্যৰ তিনিটাকৈ লেখত ল’ব লগীয়া সমষ্টিৰ সংযোগস্থলত থকা এখন অতি গুৰুত্বপূৰ্ণ কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলটোৰ ৰাইজক জলাকলা খুৱাইছে।

এই বিধ্বস্ত তথা জৰাজীৰ্ণ দলংখন নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কাষৰীগাঁৱত কলঙৰ ওপৰত অৱস্থিত। কলঙৰ ওপৰত অৱস্থিত এই জৰাজীৰ্ণ দলংখনে চামগুৰি, ৰূপহীহাট আৰু বঢ়হমপুৰকে ধৰি তিনিটা সমষ্টিক সংযোগ কৰিছে।

জৰাজীৰ্ণ দলঙৰ বাবে বৰ্তমান এই তিনিটা সমষ্টিৰ ৰাইজ, স্কুল-কলেজৰ কণমানি ছাত্ৰ-ছাত্ৰীয়ে দলঙৰ ওপৰেদি নিতৌ পাৰ হোৱা সময়ত দুৰ্ভোগ ভুগিব লগীয়া হৈছে।

বিগত প্ৰায় বহু বছৰ ধৰি অতি গুৰুত্বপূৰ্ণ কাঠৰ দলংখনৰ দুৰৱস্থাৰ বিষয়ে তিনি সমষ্টিৰে স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰি কোনো সুফল নোপোৱাত এতিয়া স্থানীয় ৰাইজে জননেতাৰ বিৰুদ্ধে চৰম ক্ষোভ উজাৰিছে।

ৰেলিং বিহীন দলংখনৰ পুৰণি কাঠ পচি বৃহৎ-বৃহৎ ফাঁক সৃষ্টি হোৱাত অতি বিপদসংকুল হৈ পৰিছে দলংখন। আনকি দলংখনেৰে পাৰ হওঁতে কেইবাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ বহু সময়ত বহুকেইজন লোক আঘাতপ্ৰাপ্ত হৈছে।

ফলত উপায় বিহীন হৈ স্থানীয় ৰাইজে নিজেই মেৰামতি কৰি আহিছে জৰাজীৰ্ণ কাঠৰ দলংখন। প্ৰতি বছৰৰ দৰে এইবাৰো স্থানীয় একাংশ যুৱকে নিজা তৎপৰতাত তথা ৰাইজৰ সহযোগিতাত অস্থায়ীভাবে জৰাজীৰ্ণ দলংখন পুনৰ মেৰামতি কৰে।

Related News