বৃহৎ ক্ষতি কংগ্ৰেছৰ : এইবাৰ পণ্ডুচেৰীত পতন ঘটিল ভি নাৰায়ণস্বামীৰ কংগ্ৰেছ চৰকাৰ

1613736859-4913

ইখনৰ পিছত সিখনকৈ কংগ্ৰেছৰ চৰকাৰ পতন ঘটিছে দেশত। এইবাৰ পণ্ডুচেৰীত পতন ঘটিছে ভি নাৰায়ণস্বামীৰ কংগ্ৰেছৰ চৰকাৰ।

সোমবাৰে পণ্ডুচেৰীৰ বিধানসভাত আস্থা ভোটৰ সন্মুখীন হ’বলৈ গৈ পতন ঘটিছে পণ্ডুচেৰীৰ কংগ্ৰেছ চৰকাৰ। মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীয়ে লেফ্টেনেন্ট গৱৰ্ণৰ ডাঃ তামিলীছাই চাউণ্ডাৰাজনৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে।

ভি নাৰায়ণস্বামীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ লগে লগে সমগ্ৰ দেশত কংগ্ৰেছৰ মাত্ৰ তিনিখন ৰাজ্যতহে চৰকাৰ টিকি থাকিল।

চৰকাৰ পতন ঘটা ভি নাৰায়ণস্বামীয়ে বিধানসভাত অভিযোগ কৰি কয় যে প্ৰাক্তন লেফ্টেনেন্ট গভৰ্ণৰ কৰিণ বেদী আৰু কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ তেওঁৰ চৰকাৰ ভাঙিবলৈ ষড়যন্ত্ৰ ৰচিছিল।

উল্লেখ্য যে আস্থা ভোটৰ সন্মুখীন হ’বলৈ ভি নাৰায়ণস্বামীয়ে আজি এদিনীয়া বিশেষ অধিৱেশনৰ আয়োজন কৰিছিল। অধিৱেশন আৰম্ভ হোৱাৰ কিছু মিনিটৰ পিছতে আস্থাভোট উত্থাপন কৰা হৈছিল যদিও শাসকীয় আৰু বিৰোধী বিধয়াকসকলে তাৰ পূৰ্বেই বিধানসভাৰ কক্ষৰ পৰা ওলাই গৈছিল।

কেবাজনো কংগ্ৰেছ বিধায়কে পদত্যাগ কৰাৰ পিছতে শাসকীয় কংগ্ৰেছ দলৰ বিধায়কৰ সংখ্যা বিৰোধী ১৪ জন বিধায়কতকৈ হ্ৰাস হৈ মাত্ৰ ১১ জন হৈছিল।

ইয়াৰ পিছতে লেফ্টেনেন্ট গভৰ্ণৰ ডাঃ তামিলীছাই চাউণ্ডাৰাজনে ২২ ফেব্ৰুৱাৰিত ভি নাৰায়ণস্বমীক আস্থা ভোটৰ সন্মুখীন হৈ শক্তি পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল। আৰু এইদৰেই মংগলবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ভি নাৰায়ণস্বামীৰ কংগ্ৰেছ চৰকাৰৰ পতন ঘটে।