NORTHEAST NOW (Assamese)

আৰু ক’ত যে কি কৰিছে! এইবাৰ আদানিৰ বিৰুদ্ধে তথ্য জালিয়াতিৰ অভিযোগ ৱিকিপিডিয়াৰ

February 22, 2023 1:24 pm · এন ই নাও নিউজ, গুৱাহাটী

হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ গ্ৰাসৰ পৰা উদ্ধাৰৰ যুঁজ চলি থকাৰ মাজতে এইবাৰ আদানি গ্ৰুপৰ বিৰুদ্ধে এটা নতুন অভিযোগ আনিছে ৱিকিপিডিয়াই। বাতৰি অনুসৰি, তেওঁলোকে অভিযোগ কৰিছে যে আদানি গ্ৰুপে এক দশকৰো অধিক সময় ধৰি তথ্যৰ হেৰফেৰ কৰি আহিছে।  

ৱিকিপিডিয়াই অভিযোগ কৰিছে যে আদানি গ্ৰুপৰ কৰ্মচাৰীসহ কেইবাজনো ব্যক্তিয়ে ৱেবছাইটত গৌতম আদানি, তেওঁৰ পৰিয়ালৰ সদস্য আৰু কোম্পানী সম্পৰ্কীয় তথ্য সলনি কৰিছে। যিকোনো ব্যক্তিয়ে যিকোনো বিষয়ত ৱিকিপিডিয়াৰ তথ্য সলনি কৰিব পাৰে। অভিযোগ কৰা হৈছে যে সুযোগটো ধনৰ বিনিময়ত লোৱা হৈছিল। অৱশ্যে আদানি গ্ৰুপে এই সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই।

ৱিকিপিডিয়াই দাবী কৰিছে যে ২০০৭ চনত ইয়াৰ ছাইটত আদানি গ্ৰুপ আৰু ইয়াৰ বিষয়াসকলৰ বিষয়ে লিখিবলৈ আৰম্ভ হয়। কিন্তু ভুৱা নামেৰে আদানি, তেওঁৰ পত্নী প্ৰীতি, পুত্ৰ কৰণ, ভতিজা প্ৰণৱ আৰু বিভিন্ন সংস্থাৰ তথ্য সলনি কৰা কেইজনমান ব্যক্তি ধৰা পৰে।

ৱিকিপিডিয়াই অভিযোগ কৰিছে যে সমাজ কল্যাণ, স্বাৰ্থৰ সংঘাত আৰু কৰ সতৰ্কবাণী সম্পৰ্কীয় তথ্য বিলোপ কৰা হৈছে। এজন সম্পাদকে আনকি আদানি গ্ৰুপৰ বিষয়ে এটা নতুন প্ৰবন্ধ লিখিছিল। কোনো ক্ষেত্ৰত এজন ব্যক্তিয়ে একাধিক প্ৰবন্ধত হাত বুলাইছে। কিছুমানে ৱিকিপিডিয়া পৰিহাৰ কৰাৰ এটা উপায় বিচাৰি উলিয়াইছে।

বিশেষজ্ঞসকলৰ মতে, শ্বেয়াৰৰ মূল্যৰ হেৰফেৰ সন্দৰ্ভত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনক লৈ আদানি ইতিমধ্যে চাপত আছে। এই অভিযোগটোৱে তেওঁলোকক অধিক অস্বস্তিকৰ কৰি তুলিব।

ৱিকিপিডিয়াৰ দ্বাৰা পৰিচালিত ছাইন পোষ্টত লিখা এটা প্ৰবন্ধত এইটোও কোৱা হৈছে যে আদানি গ্ৰুপ আৰু তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত ৯টা প্ৰবন্ধ ৪০ জন বেতনভোগী লোকে (চক পাপেট) সম্পাদনা কৰিছে, যিসকলক তেতিয়াৰ পৰা বিভিন্ন সময়ত ৱিকিপিডিয়াত নিষিদ্ধ কৰা হৈছে। তেওঁলোকৰ বহুতে কেইবাটাও প্ৰবন্ধ সম্পাদনা কৰিছে।

বহুতে আদানি গ্ৰুপ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে পক্ষপাতদুষ্ট তথ্য দিছে। আনকি এজন বেতনভোগী  সম্পাদকে কোম্পানীৰ আইপি ঠিকনা ব্যৱহাৰ কৰি আদানি গ্ৰুপৰ বিষয়ে এটা প্ৰবন্ধ সম্পূৰ্ণৰূপে নতুনকৈ লিখিছে। আৰু ২৫ টা ভুৱা একাউণ্টৰ পৰা গৌতম আদানি সম্পৰ্কীয় ৱিকিপিডিয়া প্ৰবন্ধ সম্পাদনা কৰা হৈছে। আদানি গ্ৰুপৰ সৈতে সম্পৰ্কিত প্ৰবন্ধসমূহ ২২ টা ভুৱা একাউণ্টৰ পৰা সম্পাদনা কৰা হৈছে।

ৱিকিপিডিয়াৰ এই দাবীয়ে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ দাবীক আৰু এক মাত্ৰা আনি দিছে। কোম্পানীটোৰ প্ৰতিষ্ঠাপক নেট এণ্ডাৰছনে কৈছিল যে ছাইন পোষ্টৰ প্ৰবন্ধটোৱে দেখুৱাইছে যে আদানি গ্ৰুপে তথ্য জালিয়াতিও কৰিছে।

যোৱা ২৪ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত আদানি গ্ৰুপৰ সাম্ৰাজ্যত ধুমুহা আহিছে। এই ধুমুহাৰ ফলত আদানি গ্ৰুপৰ বজাৰ মূলধন ১১ লাখ কোটি টকা হ্ৰাস পাইছে। গৌতম আদানিৰ ব্যক্তিগত সম্পত্তিও যথেষ্ট হ্ৰাস পাইছে। তেওঁ ধনী সকলৰ তালিকাৰ তৃতীয় স্থানৰ পৰা ২৬ তম স্থানলৈ নামি আহিছে। হিণ্ডেনবাৰ্গে অভিযোগ কৰিছিল যে আদানি গ্ৰুপে দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনাৰে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছিল।

ইফালে, বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা আদানি গ্ৰুপৰ কোম্পানীসমূহৰ বিৰুদ্ধে তদন্তৰ স্থিতি জানিবলৈ বিচাৰিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদানিৰ ওপৰত তেওঁৰ “নীৰৱতা” ভংগ কৰিবলৈ আহ্বান জনাইছে।

Related News