ক্ৰিকেটত প্ৰতি বছৰে আমি কিবা নহয় কিবা সলনি দেখা পাওঁ। ইয়াৰে কিছুমান সামান্য সলনি হয় যিটো কেইবছৰমানৰ ভিতৰতে আমি পাহৰিয়েই যাওঁ।
আনহাতে, কিছুমান এনেকুৱা পৰিৱৰ্তন আহে যিয়ে খেলবিধৰ সম্পূৰ্ণ চিত্ৰই সলনি কৰি দিয়ে।
ক্ৰিকেটত এদিনীয়া (ৱানডে) আৰু টী-২০ ফৰ্মেট এনেকুৱা পৰিৱৰ্তন আছিল। এতিয়া এনেকুৱা এক পৰিৱৰ্তনৰ সম্ভাৱনা হৈ আহিছে ১০০ বলৰ ক্ৰিকেট(100 Ball Cricket)।
১৮৭৭চনত আৰম্ভ হৈছিল আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ। সেই বৰ্ষত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল প্ৰথম টেষ্ট মেচ।
ইয়াৰ পাছত ৯৪ বছৰ ধৰি ক্ৰিকেটত মাত্ৰ এই ফৰ্মেটেই চলিছিল। ইয়াৰ পাছত ক্ৰিকেটলৈ আহিল এদিনীয়া আৰু তাৰ পাছত টী-২০য়ে ক্ৰিকেটত নিজৰ স্থান কটকটীয়া কৰি লৈছে।
উল্লেখযোগ্য যে ক্ৰিকেটৰ জন্মদাতা ইংলেণ্ড টেষ্ট মেচৰ দৰে প্ৰথম এদিনীয়া আৰু টী-২০’ৰ সৈতেও জড়িত আছিল।
এইবাৰ সেই ইংলেণ্ডেই আকৌ আহিছে ১০০ বলৰ ক্ৰিকেট লৈ। বাতৰি অনুসৰি, ৩ অক্টোবৰতেই দলৰ ঘোষণা আৰু খেলুৱৈৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা।
অৱশ্যে, ১০০ বলৰ ক্ৰিকেট ইংলেণ্ডৰ ঘৰুৱা ক্লাৱত পূৰ্বৰে পৰাই চলি আছে। কিন্তু ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ক্লাৱে এতিয়া ইয়াক বিস্তাৰিত কৰিব বিচাৰিছে। ইয়াৰ বাবে তেওঁলোকে সম্পূর্ণ পৰিকল্পনা প্রস্তুত কৰিছে।
ইংলেণ্ডে বৰ্তমান ১০০ বলৰ ক্ৰিকেটক টী-২০ৰ দৰে জনপ্ৰিয় কৰি তুলিব বিচাৰিছে। ইয়াৰ বাবে তেওঁলোকে নিজৰ দেশতে আইপিএলৰ দৰে ১০০বলৰ ক্ৰিকেট লীগ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উক্ত লীগত ক্ৰিছ গেইল, ডেবিড ৱাৰ্ণাৰৰ পৰা আৰম্ভ কৰি বিশ্বৰ শীৰ্ষ খেলুৱৈয়ে অংশ লোৱাৰ সম্ভাৱনা আছে। প্ৰস্তাৱ অনুসৰি অহা বছৰৰ জুলাই-আগষ্ট মাহত এই ফৰ্মেটৰ প্ৰথম লীগ অনুষ্ঠিত হ’ব পাৰে।
১০০ বলৰ ক্ৰিকেটৰ ফৰ্মেট আন ফৰ্মেটৰ তুলনাত বহু সলনি হ’ব। ১০০ বলৰ ক্ৰিকেটৰ ১০ টা নতুন নিয়মৰ বিষয়ে জানি থওক:-
১. এই ফৰ্মেটত প্ৰতিটো টীমৰ ইনিংছ ১০০টা বলৰ হ’ব। মেচত মুঠতে ২০০টা বল খেলোৱা হ’ব।
২. এই ফৰ্মেটত এক অভাৰত ছটা বল নাথাকিব।
৩. এজন বলাৰে একেৰাহে ১০টা বা ৫-৫কৈ দুবাৰ বলিং কৰিব পাৰিব।
৪. এজন বলাৰে মেচত সৰ্বাধিক ২০টা বল কৰিব পাৰিব। অৰ্থাৎ মেচত কমেও ৫জন বলাৰৰ প্ৰয়োজন হ’ব।
৫. বেটছমেনে ১০টা বলৰ পাছত নিজৰ ক্ৰীজ সলনি কৰিব। টেষ্ট, এদিনীয়া আৰু টী-২০ৰ ফৰ্মেটত প্ৰতি অভাৰৰ পাছতে এনেকুৱা হয়।
৬. বলিং টীমক আঢ়ৈ মিনিট পৰ্যন্ত ষ্ট্ৰেটেজিক টাইম দিয়া হ’ব।
৭. প্ৰতিটো টীমৰ বাবে ২৫টা বলৰ পাৱাৰপ্লে’ থাকিব।
৮. পাৱাৰপ্লে’ চলি থকাৰ সময়ত ৩০ গজৰ চাৰ্কোলৰ বাহিৰত মাত্ৰ দুজন ফিল্ডাৰহে থাকিব।
৯. টীমে টাইম আউট কল কৰিবলৈ সক্ষম হ’ব। আইপিএলতো এই নিয়ম প্ৰযোজ্য।
১০. আয়োজকসকলে সৰল স্কোৰবোৰ্ড বনোৱাৰ কথাও কৈছে। এইক্ষেত্ৰত অধিক বাখ্যা অৱশ্যে আগবঢ়োৱা নাই।