• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টী-২০’ৰ পাছত ক্ৰিকেটত এইবাৰ ১০০ বলৰ ফৰ্মেট; কি হ’ব ইয়াৰ আকৰ্ষণ?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2019 7:56 am
1543517401-England_100ball
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটত প্ৰতি বছৰে আমি কিবা নহয় কিবা সলনি দেখা পাওঁ। ইয়াৰে কিছুমান সামান্য সলনি হয় যিটো কেইবছৰমানৰ ভিতৰতে আমি পাহৰিয়েই যাওঁ।

আনহাতে, কিছুমান এনেকুৱা পৰিৱৰ্তন আহে যিয়ে খেলবিধৰ সম্পূৰ্ণ চিত্ৰই সলনি কৰি দিয়ে।

Apply Now

ক্ৰিকেটত এদিনীয়া (ৱানডে) আৰু টী-২০ ফৰ্মেট এনেকুৱা পৰিৱৰ্তন আছিল। এতিয়া এনেকুৱা এক পৰিৱৰ্তনৰ সম্ভাৱনা হৈ আহিছে ১০০ বলৰ ক্ৰিকেট(100 Ball Cricket)।

১৮৭৭চনত আৰম্ভ হৈছিল আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ। সেই বৰ্ষত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল প্ৰথম টেষ্ট মেচ।

ইয়াৰ পাছত ৯৪ বছৰ ধৰি ক্ৰিকেটত মাত্ৰ এই ফৰ্মেটেই চলিছিল। ইয়াৰ পাছত ক্ৰিকেটলৈ আহিল এদিনীয়া আৰু তাৰ পাছত টী-২০য়ে ক্ৰিকেটত নিজৰ স্থান কটকটীয়া কৰি লৈছে।

উল্লেখযোগ্য যে ক্ৰিকেটৰ জন্মদাতা ইংলেণ্ড টেষ্ট মেচৰ দৰে প্ৰথম এদিনীয়া আৰু টী-২০’ৰ সৈতেও জড়িত আছিল।

এইবাৰ সেই ইংলেণ্ডেই আকৌ আহিছে ১০০ বলৰ ক্ৰিকেট লৈ। বাতৰি অনুসৰি, ৩ অক্টোবৰতেই দলৰ ঘোষণা আৰু খেলুৱৈৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা।

অৱশ্যে, ১০০ বলৰ ক্ৰিকেট ইংলেণ্ডৰ ঘৰুৱা ক্লাৱত পূৰ্বৰে পৰাই চলি আছে। কিন্তু ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ক্লাৱে এতিয়া ইয়াক বিস্তাৰিত কৰিব বিচাৰিছে। ইয়াৰ বাবে তেওঁলোকে সম্পূর্ণ পৰিকল্পনা প্রস্তুত কৰিছে।

ইংলেণ্ডে বৰ্তমান ১০০ বলৰ ক্ৰিকেটক টী-২০ৰ দৰে জনপ্ৰিয় কৰি তুলিব বিচাৰিছে। ইয়াৰ বাবে তেওঁলোকে নিজৰ দেশতে আইপিএলৰ দৰে ১০০বলৰ ক্ৰিকেট লীগ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উক্ত লীগত ক্ৰিছ গেইল, ডেবিড ৱাৰ্ণাৰৰ পৰা আৰম্ভ কৰি বিশ্বৰ শীৰ্ষ খেলুৱৈয়ে অংশ লোৱাৰ সম্ভাৱনা আছে। প্ৰস্তাৱ অনুসৰি অহা বছৰৰ জুলাই-আগষ্ট মাহত এই ফৰ্মেটৰ প্ৰথম লীগ অনুষ্ঠিত হ’ব পাৰে।

১০০ বলৰ ক্ৰিকেটৰ ফৰ্মেট আন ফৰ্মেটৰ তুলনাত বহু সলনি হ’ব। ১০০ বলৰ ক্ৰিকেটৰ ১০ টা নতুন নিয়মৰ বিষয়ে জানি থওক:-

১. এই ফৰ্মেটত প্ৰতিটো টীমৰ ইনিংছ ১০০টা বলৰ হ’ব। মেচত মুঠতে ২০০টা বল খেলোৱা হ’ব।

২. এই ফৰ্মেটত এক অভাৰত ছটা বল নাথাকিব।

৩. এজন বলাৰে একেৰাহে ১০টা বা ৫-৫কৈ দুবাৰ বলিং কৰিব পাৰিব।

৪. এজন বলাৰে মেচত সৰ্বাধিক ২০টা বল কৰিব পাৰিব। অৰ্থাৎ মেচত কমেও ৫জন বলাৰৰ প্ৰয়োজন হ’ব।

৫. বেটছমেনে ১০টা বলৰ পাছত নিজৰ ক্ৰীজ সলনি কৰিব। টেষ্ট, এদিনীয়া আৰু টী-২০ৰ ফৰ্মেটত প্ৰতি অভাৰৰ পাছতে এনেকুৱা হয়।

৬. বলিং টীমক আঢ়ৈ মিনিট পৰ্যন্ত ষ্ট্ৰেটেজিক টাইম দিয়া হ’ব।

৭. প্ৰতিটো টীমৰ বাবে ২৫টা বলৰ পাৱাৰপ্লে’ থাকিব।

৮. পাৱাৰপ্লে’ চলি থকাৰ সময়ত ৩০ গজৰ চাৰ্কোলৰ বাহিৰত মাত্ৰ দুজন ফিল্ডাৰহে থাকিব।

৯. টীমে টাইম আউট কল কৰিবলৈ সক্ষম হ’ব। আইপিএলতো এই নিয়ম প্ৰযোজ্য।

১০. আয়োজকসকলে সৰল স্কোৰবোৰ্ড বনোৱাৰ কথাও কৈছে। এইক্ষেত্ৰত অধিক বাখ্যা অৱশ্যে আগবঢ়োৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd