বিজেপি শাসনলৈ অহাৰ পাছতেই আৰম্ভ হ’ল সাম্প্ৰদায়িক হিংসা। ঈদৰ সময়ত গো-হত্যাৰ অভিযোগত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ সংখ্যাগুৰু হিন্দু সম্প্ৰদায়ৰ। হিংসাত্মক আক্ৰমণ-প্ৰত্যাক্ৰমণত আহত আৰক্ষীসহ ১৫ লোক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাৰ্ফিইউ জাৰি কৰা হৈছে।
বিজেপিয় ক্ষমতালৈ অহাৰ সপ্তাহ অতিক্ৰম নৌকৰোতেই ওড়িশাত আৰম্ভ হৈছে সাম্প্ৰদায়িক সংঘৰ্ষৰ। সংখ্যালঘু সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱ ঈদ উদযাপনৰ সময়ত গো হত্যাৰ অভিযোগত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৰাজ্যখনত। সোমবাৰে আৰম্ভ হোৱা এই হিংসাৰ পাছত মঙলবাৰে পুৱা ওড়িশাৰ উপকূলীয় চহৰ বালাছ’ৰত কাৰ্ফিউ জাৰি কৰে প্ৰশাসনে। ইয়াৰ লগতে ইণ্টাৰনেটো কৰ্তন কৰা হৈছে।
উল্লখ্যে যে সোমবাৰে বিয়লি চহৰখনৰ সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ অঞ্চল পাত্ৰপড়াত দুয়োটা সম্প্ৰদায়ৰ সদস্যই ইজনে সিজনৰ লগত সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষৰ কাৰণ হৈছে স্থানীয় একাংশ লোকে নলাৰ পানী ৰঙা হৈ পৰা দেখা পায়। যিটো তেওঁলোকে জীৱ-জন্তুৰ তেজৰ বুলি সন্দেহ কৰে। এটা সম্প্ৰদায়ে গো হত্যাৰ সন্দেহৰ পিছত আনটো সম্প্ৰদায়ে তেওঁলোকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ লোকে শিল, লাঠি আৰু কাঁচৰ বটলেৰে গাড়ীত জুই লগাই আন এটা সম্প্ৰদায়ৰ ঘৰত আক্ৰমণ চলায়।
দুষ্কৃতিকাৰীয়ে বিভিন্ন গাঁও ভাঙি মানুহৰ ঘৰত শিলগুটি নিক্ষেপ কৰি জুই লগাই ৰাস্তা-ঘাট ভাঙি লণ্ডভণ্ড কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে খালী গুলীচালনাৰ আশ্ৰয় ল’বলগীয়া হৈছিল। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষৰ ফলত পাঁচজন আৰক্ষীকে ধৰি কমেও ১৫ জন লোক আহত হয়। জিলা প্ৰশাসনে অঞ্চলটোত চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰে।
স্মৰ্তব্য যে মাত্ৰ সৌ সিদিনাহে ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হৈছে। মোহন মাঝিয়ে মুখ্যমন্ত্ৰী শপত গ্ৰহণৰ মাত্ৰ এটা সপ্তাহৰ পাছতে ৰাজ্যখনত সাম্প্ৰদায়িক হিংসা সংঘটিত হল। অৰ্থাৎ বিজেপিয়ে শাসনলৈ অহাৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে সংঘটিত হিংসাত্মক ঘটনাই বহু প্ৰশ্নৰ উদ্ৰেক কৰিছে। বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিয়ে এই সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘাই কাৰণ নেকি এই প্ৰশ্নও এতিয়া উদয় হৈছে।