NORTHEAST NOW (Assamese)

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পৰ্যটকশূন্য হৈ পৰিছে ভূস্বৰ্গ : কাশ্মীৰৰ পৰিৱৰ্তে ছিকিম আৰু দাৰ্জিলিঙলৈ সোঁত পৰ্যটকৰ

April 25, 2025 7:56 pm · এন ই নাও নিউজ, গুৱাহাটী

পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত জম্মু-কাশ্মীৰৰ পৰ্যটনত সাংঘাটিক ধৰণে প্ৰভাৱ পৰিছে। হোটেলৰ পৰা আৰম্ভ কৰি বিমানলৈকে সকলোৰে বুকিং বাতিল কৰিছে পৰ্যটকসকলে। মুঠতে যিসময়ত কাশ্মীৰখন পৰ্যটকৰে ভৰি থকাৰ কথা আছিল, সেই সময়ত ই নিৰ্জন হৈ পৰিছে। এই পৰিস্থিতিত আন কেইবাটাও পৰ্যটন কেন্দ্ৰত জনসমাগম বাঢ়িছে। ইয়াৰ ভিতৰত আছে ছিকিম আৰু দাৰ্জিলিং।

এনে পৰিস্থিতিত কাশ্মীৰৰ পৰ্যটন উদ্যোগত খৰাং পৰিস্থিতিৰ সৃষ্টি হবলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে মানুহে ফুৰিবলৈ বিকল্প ঠাই বিচাৰিবলৈ আৰম্ভ কৰিছে।

দাৰ্জিলিং, কালিম্পংকে ধৰি উত্তৰ বংগৰ বিভিন্ন পাহাৰীয়া ষ্টেচনত জনসমাগম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যোৱা মঙলবাৰৰ পৰা বৃদ্ধি পাইছে হোটেল আৰু হোমষ্টে বুকিং। ছিকিমৰ কেইবাটাও স্থানত একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

স্বাভাৱিকতে এতিয়া ৰে’লৰ টিকটৰ চাহিদাও অধিক। একাংশ লোকে এই সময়ত অধিক দামতো টিকট ক্ৰয় কৰি আছে। বেছিভাগ মানুহেই গৰমৰ দিনত পাহাৰলৈ যাব বিচাৰে। কিন্তু সন্ত্ৰাসবাদী আক্ৰমণত আতংকিত হৈ পৰিছে সকলো।

গতিকে তেওঁলোকে নিজৰ পছন্দৰ স্থান সলনি কৰিছে। ইফালে উত্তৰ ছিকিমৰ লাচেন-চুংথাঙৰ অনুমতি বন্ধ কৰা হৈছে। বৃহস্পতিবাৰে বিয়লিৰ পৰা উত্তৰ ছিকিমৰ বৃহৎ অঞ্চলত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। শুকুৰবাৰেও ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। শনিবাৰে বিয়লিৰ পূৰ্বে পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। উত্তৰ ছিকিমৰ ৰাজপথত আবদ্ধ হৈ আছে প্ৰায় ২০০ খন গাড়ী। আৱদ্ধ হৈ আছে প্ৰায় এক হাজাৰ পৰ্যটক। গতিকে, পৰ্যটক সকল বিমোৰত পৰিছে।

Related News