• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু; ৩২ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 10, 2020 3:02 pm

2 min read

পুনৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু; ৩২ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

প্ৰতিনিধিত্বমূলক চিত্ৰ

416
VIEWS
Share on FacebookShare on Twitter

আজি পুনৰ এগৰাকী ৰোগী ক’ভিড-১৯ পজিটিভিত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে।

IITG ক’ভিড কেয়াৰ চেণ্টাৰত মৃত্যু হোৱা লোকজন হৈছে ৫৩ বছৰীয়া হৰেশ্বৰ নাথ।

লোকজনৰ অক্সিজেন লেভেল এঘণ্টাৰ ভিতৰতে ৯০লৈ হ্ৰাস পোৱাৰ বাবেই মৃত্যু হয়।

প্ৰয়াত ৰোগীৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইফালে কিছুসময় পূৰ্বে ৪ গৰাকী লোক ক’ভিড-১৯ পজিটিভিত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল।

GMCH ৰ ICU ত মৃত্যু হৈছে ক্ৰমে ৰাখাল দেব (৪২), ৰমেশ কায়স্থ (৬৮), সুখময় ভৌমিক(৭২) আৰু আর্চিডনিক বৰুৱা শইকীয়াৰ।

কালিৰ দিনটোতো পাঁচগৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছিল।

কালি নিশাৰ ভাগত তিনিগৰাকী কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ বিয়োগ ঘটিছিল।

ইয়াৰে অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত মৃত্যু ঘটা ভৱেন গগৈ (৭২) নামৰ ৰোগীগৰাকী তেজৰ কৰ্কট ৰোগ “লিম্ফোমা”ত আক্ৰান্ত হৈ আছিল।

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ধনেশ্বৰ শীল (৬৮) নামৰ ৰোগীগৰাকী হাওঁফাওঁ ৰোগ (ক্ৰনিক অবষ্ট্ৰাক্টিভ পাল্মোনেৰী ৰোগ) আৰু তাৰ্জুনা বেগম (৩৮) নামৰ ৰোগীগৰাকী মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল ৷

কালি দিনৰ ভাগত কোভিড আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল দুগৰাকীকৈ লোকে।

গুৱাহাটী বেলতলাৰ প্ৰসন্ন কুমাৰ হালৈ(৭০) আৰু কাৰ্বি আংলংৰ  ৰামসিং হানছেই মৃত্যুক আঁকোৱালি লৈছিল।

বুধবাৰে সন্ধিয়া মণিকা ভূমিজ নামৰ শিৱসাগৰৰ যুৱতীগৰাকীয়ে যোৰহাট মেডিকেল কলেজৰ ICU ত মৃত্যুক আঁকোৱালি লৈছিল।

উক্ত দিনাই দিনৰ ভাগত একেলগে পাঁচজনৰ মৃত্যু হোৱাৰ খবৰ আহিছিল।

গুৱাহাটী হুদায়েটপূৰৰ চফীকুল ৰহমান(৬০),  বৰপেটাৰ পাটচাৰকুচিৰ ৰমণী মজুমদাৰ (৬০), গুৱাহাটী কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা (৭৫) আৰু লালগণেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮) আৰু ওদালগুৰিৰ জিতেন্দ্ৰ প্ৰসাদ(৩০)ৰ মৃত্যু হৈছিল।

ৰাজ্যত তিনিদিনত ১৬ গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যত ৩২ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা।

ৰাজ্যত মুঠ  ১৪৬০০ গৰাকী লোক আক্রান্ত হোৱাৰ উপৰিও বৰ্তমানলৈ ৯১৪৭ গৰাকী লোক কোভিড মুক্ত হৈ ঘৰলৈ উভটিছে।

বৰ্তমান ৫৪২৩ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd