NORTHEAST NOW (Assamese)

ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ! : নিৰ্বাচনত জয়ী হ’লে কংগ্ৰেছ এৰিব নেকি অংকিতা দত্তই?

April 26, 2021 7:52 pm · এন ই নাও নিউজ
Updated: April 26, 2021 8:03 pm

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে এটা সংবাদ গোষ্ঠীক দিয়া সাক্ষাৎকাৰত আমগুৰি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই জয়ী হ’ব বুলি মন্তব্য কৰাৰ পিছতে ফেইচবুকত দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আমগুৰি বিধানসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে।

বৰ্তমান ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপ সভানেত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি থকা আমগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই নিজা ফেইচবুক একাউণ্টত কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰি কয় যে “যি সময়ত মোৰ দেউতা চিকিৎসালয়ত ভেণ্টিলেশ্যনত আছিল সেই সময়ত কংগ্ৰেছৰ কিছু দিগগজে দেউতাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদচ্যুৎ কৰিবলৈ স্বাক্ষৰ অভিযান চলাই আছিল।”

উল্লেখ্য যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে অংকিতা দত্তৰ পিতৃ তথা কংগ্ৰেছ দক্ষ নেতা অঞ্জন দত্তই দলক নেতৃত্ব দিছিল যদিও কংগ্ৰেছৰ তিনিটা কাৰ্যকালৰ বিৰুদ্ধে উঠা পৰিৱৰ্তনৰ ঢৌত নিৰ্বাচনত কংগ্ৰেছ ধাৰাশায়ী হৈছিল।

নিৰ্বাচনৰ পিছতে কংগ্ৰেছৰ তদানীন্তন সভাপতি অঞ্জন দত্ত হঠাতে গুৰুতৰভাৱে অসুস্থ হোৱাত দিল্লীস্থ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল আৰু দুৰ্ভাগ্যজনকভাৱে AIIMSত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃ্ত্যু হৈছিল।

সেই অঞ্জন দত্তৰে জ্যেষ্ঠ কন্যা অংকিতা দত্তই প্ৰকাশ কৰিছে যে প্ৰদেশ কংগ্ৰেছৰ কেইজনমান দিগগজে গুৰুতৰভাৱে অসুস্থ অঞ্জন দত্তক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদচ্যুৎ কৰিবলৈ ব্যস্ত থকাৰ সময়তে তেতিয়াৰ নতুন মুখ্যমন্ত্ৰীয়ে তেওঁৰ পিতৃৰ আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছিল।

আনকি যুৱ কংগ্ৰেছৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অংকিতা দত্তক কংগ্ৰেছৰ সেইসকল দিগগজে নিৰ্বাচনত সহায় কৰাৰ পৰিৱৰ্তে তেওঁৰ বিজয়ী হোৱাৰ সহজ পথটোক কঠিন কৰি তোলা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

সোমবাৰে আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অংকিতা দত্তই। বিগত নিৰ্বাচনৰ কথা উল্লেখেৰে অংকিতাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি বিস্ফোৰক অভিযোগ উত্থাপন কৰি পুনৰ কয় যে “মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা পিছত মই যথেষ্ট অসহায়বোধ কৰি আমগুৰিলৈ এগৰাকী ষ্টাৰ কেম্পেইনাৰক নিৰ্বাচনী প্ৰচাৰ বাবে প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছিলো যদিও সেই দিগগজসকলে মোৰ আহ্বান শুনা নাছিল।”

ইয়াৰ পিছতে আমগুৰি সমষ্টিটো পুনৰোদ্ধাৰৰ বাবে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে সংকল্পৱদ্ধ হৈ দিন-ৰাতি একাকাৰ কৰি সমষ্টিৰ মানুহৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলিও সদৰী কৰিছে যুৱ কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে।

নিজ দলৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিলেও অংকিতা দত্তই বিজেপিৰ ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি বিশেষ দৰদ প্ৰদৰ্শন কৰা বুলি চ’ছিয়েল মিডিয়াত চৰ্চা হৈছে।

এই চৰ্চা আৰু নিজ দলৰ নেতৃত্বৰ প্ৰতি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতে যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই নিৰ্বাচনত জয়ী হ’লে বিজেপিত যোগদান কৰিব নেকি সেই প্ৰশ্নৰ উদ্ৰেক হৈছে সামাজিক মাধ্যমত। নিৰ্বাচনত জয়ী হ’লে অংকিতাই বিজেপিত যোগদান কৰিব নেকি? সেই পোনপতীয়া প্ৰশ্নও কৰিছে নেত্ৰীগৰাকীৰ বহু গুণমুদ্ধ তথা অনুৰাগীয়ে।

ইয়াৰ পিছতে অংকিতা দত্তই অন্য এক ফেইচবুক পোষ্ট কৰে। পোষ্টটোত তেওঁ কয় “মই মোৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে স্পষ্টভাৱে কওঁ যে, যদি মই জয়ী হওঁ, মই কংগ্ৰেছৰ বিধায়ক হিচাপে আমগুৰিত মোৰ শ্ৰেষ্ঠতম সেৱা আগবঢ়াবলৈ প্ৰয়াস কৰিম। যদি মই পৰাস্ত হওঁ, মই অঞ্জন দত্ত ফাউণ্ডেচনৰ জৰিয়তে মোৰ কাম আগবঢ়াই নিম।”

কংগ্ৰেছৰ প্ৰতিশ্ৰুতিসম্পন্ন নেত্ৰীগৰাকীয়ে দৃঢ়তাৰে কংগ্ৰেছত থকাৰ কথা স্পষ্টৰূপে ঘোষণা কৰিলেও ৰাজ্যিক নেতৃত্বৰ লবীকেন্দ্ৰিক ৰাজনীতিক ওফৰাই কংগ্ৰেছত তিষ্ঠি থাকিব পাৰিব নে নাই সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব।

Related News