যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলীয়াপানীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে দুপৰীয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয়।
নিহত যুৱকজনৰ নাম পৰাগ জ্যোতি শইকীয়া বুলি জানিব পৰা গৈছে। ৩০ বছৰীয়া যুৱকজনৰ ঘৰ টীয়ক ৰজাবাৰী নামচুক গাঁৱত।
মটৰ চাইকেলেৰে আহি থকা অৱস্থাত এখন বাহনে মহতিয়াই থৈ যোৱাত যুৱকজন গুৰুতৰভাৱে আহত হয়।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক টীয়ক এফ আৰ ইউলৈ আনে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ইফালে ঘটনা সংঘটিত কৰি বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰু তদন্ত অব্যাহত ৰাখিছে।