অগপই দেখদেখকৈ সমৰ্থন কৰিছে নাগৰিকত্ব বিধেয়ক

অসম ছাত্ৰ পৰিষদৰ গঠন কেবক লৈ মূলতঃ আছুক বিৰোধিতাৰ বাবেই কৰা হৈছে নেকি?

AGP_Leaders_With Modi AGP is apparently supporting the CAB

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত। ফাইল ছবি।

অসম গণ পৰিষদৰ নাগৰিকত্ব (সংশোধনী) বিধেয়ক সন্দৰ্ভত স্থিতি কি? বিৰোধিতা কৰে? নে সমৰ্থন?

অগপৰ স্থিতিত ভোটাৰসকল সম্পূৰ্ণৰূপে বিভ্ৰান্ত হৈছে, কাৰণ বিষয়টোক লৈ দলটোৰ ভিতৰতে এক সৰ্বাত্মক অস্পষ্টতা আছে।

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অভিযোগ কৰিছে যে অগপ নেতৃত্বই “কেৱল আত্মস্বাৰ্থ পূৰণ”ৰ বাবে বিধেয়ক সন্দৰ্ভত নীৰৱ হৈ আছে, আৰু ই গ্ৰহণযোগ্য নহয়।

অৱশ্যে, অগপৰ প্ৰতিষ্ঠাপক মহন্ত তেওঁৰ নিজ স্থিতিক লৈ স্পষ্ট। তেওঁ সৰ্বশক্তিৰে বিধেয়কৰ বিৰোধিতা কৰিব।

বিষয়টোত অগপৰ বৰ্তমানৰ সভাপতি অতুল বৰাৰ স্থিতিক লৈ প্ৰাক্তন মুখ্য মন্ত্ৰীজন একেবাৰে সুখী নহয়।

অসমৰ কৃষি মন্ত্ৰীৰ দায়িত্বতো থকা বৰাই বৰ্তমানলৈকে বিতৰ্কিত বিধেয়কখন বিৰোধিতা কৰাৰ কোনো চিন দেখুওৱা নাই।

কিন্তু, বিধেয়কক লৈ তেওঁৰ “নীৰৱতা”ৰ ফলত অতুল বৰাৰ লাভ হ’ব কি?

অগপক ভোট দিয়া লোকসকলে বিতৰ্কিত বিধেয়কখন সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে।

তেওঁলোকৰমতে, বিধেয়কখন অসম চুক্তিৰ আধাৰ আৰু অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থৰ পৰিপন্থী।

অতুল বৰাই বুজা নাই নে যে বিষয়টোত তেওঁৰ নীৰৱতাই তেওঁৰ দলৰ নিজা ভোট বেংকটোকে ধ্বংস কৰিবলৈ গৈ আছে?

বৰ্তমান বিধেয়ক বিৰোধিতা কৰি থকা আটাইতকৈ সৰৱ আৱাজটো হৈছে সদৌ অসম ছাত্ৰ সন্থা (AASU)|

তাৎপৰ্য্যপূৰ্ণভাৱে, অতুল বৰাই আছুৰ প্ৰাক্তন সভাপতি হোৱা সত্ত্বেও অগপৰ ছাত্ৰ গোট অসম ছাত্ৰ পৰিষদ গঠন কৰিবলৈ কুণ্ঠাবোধ নকৰিলে।

অগপ নেতৃত্বই পূৰ্বে অসম যুৱ পৰিষদৰ ৰূপত কেৱল এটা যুৱ গোট গঠনৰহে সিদ্ধান্ত কৰিছিল, ছাত্ৰ গোটৰ কোনো সিদ্ধান্ত লোৱা নাছিল।

সেয়ে, এতিয়া হঠাৎ অগপৰ ছাত্ৰ সংগঠন গঠনৰ প্ৰয়োজন ক’ৰ পৰা আহিল?

তাৰ অৰ্থ এইটো নেকি যে, বিধেয়ক বিষয়টোত মূলতঃ আছুক বিৰোধিতা কৰাৰ বাবেই নতুনকৈ আৰম্ভ কৰা অসম ছাত্ৰ পৰিষদক ব্যৱহাৰ কৰা হ’ব?

অসম ছাত্ৰ পৰিষদ গঠনৰ সিদ্ধান্তই বহুতৰে চকু কপালত তুলিছে, কাৰণ অগপৰ ৯৫ শতাংশ নেতাই আছিল আছুৰ সক্ৰিয় নেতা।

আৰু, আছু আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ শীৰ্ষ নেতাসকলেই ছবছৰীয়া অসম আন্দোলনৰ পিছত ১৯৮৫ চনত অগপ গঠন কৰিছিল।

দেখাত অতুল বৰা বিধেয়ক বিষয়ত নীৰৱ আছে মূলতঃ অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ মন্ত্ৰী হৈ থকাৰ বাবে।

অগপৰ বাকী দুই মন্ত্ৰী— কেশৱ মহন্ত আৰু ফণী ভূষণ চৌধুৰীৰ ক্ষেত্ৰতো কাৰণতো একেই।

এই তিনি কেবিনেট মন্ত্ৰীৰ লগতে অগপৰ এক বৃহৎসংখ্যক নেতা ৰাজ্য চৰকাৰৰ অধীন বিভিন্ন সংস্থাত অধ্যক্ষ আৰু উপাধ্যক্ষ পদত আছে।

তৰুণ গগৈৰ শাসন কালত ১৫ বছৰে ক্ষমতাৰ বাহিৰত থকা অগপৰ একাংশ নেতা এতিয়া “ক্ষমতা উপভোগ”ত লাগিছে, আৰু সেয়া হেৰুৱাব নোখোজে।

মুখলজ্জা নিবাৰণৰ এক নিৰাশাজনক প্ৰয়াসেৰে অতুল বৰাই কৈছে অসম ছাত্ৰ পৰিষদ গঠন কৰা হৈছে “যুৱচামক আঞ্চলিক ৰাজনীতিলৈ অনাৰ বাবে।”

অসম ছাত্ৰ পৰিষদ আছুতকৈ কিহত বেলেগ হ’ব তাৰ কোনো ব্যাখ্যা অগপ সভাপতিজনৰ হাতত নিশ্চিতভাৱে নাছিল।

অতুল বৰাই নাজানেনে যোৱা ৫ দশকধৰি আছুৱে হৈছে উত্তৰ-পূবৰ “আঞ্চলিকতাবাদৰ সৰ্বাধিক প্ৰজ্বলিত তাৰকা”?

প্ৰফুল্ল কুমাৰ মহন্তই যদি তেওঁৰ বিধেয়কবিৰোধী স্থিতি বাহাল ৰাখে, অগপত তেওঁ আৰু একাষৰীয়া হোৱাতো নিশ্চিত।

এতিয়া এইটো স্পষ্ট যে অগপই নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰিছে।