অগপই আমাৰ লগত ডিভ’ৰ্চ কৰি গৈছে, পুনৰ মিত্ৰতা হ’ব নোৱাৰে: কামাখ্যা প্ৰসাদ তাচা

‘অগপই আমাৰ লগত ডিভ’ৰ্চ কৰি গৈছে, পুনৰ মিত্ৰতা হ’বটো নালাগে।’ এই মন্তব্য কৰে যোৰহাট লোকসভা সমষ্টিৰ সংসদ কামাখ্যা প্ৰসাদ তাচাই। শিৱসাগৰৰ দৰবাৰ ফিল্ডত অনুষ্ঠিত মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ এক অনুষ্ঠানত অংশ গ্ৰহণৰ অন্তত সাংবাদিকৰে হোৱা কথা-বতৰাত এই কথা উল্লেখ কৰে  সংসদ গৰাকীয়ে।

আগন্তুক লেকসভা নিৰ্বাচনত বিজেপিৰে অগপৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেঁও কয় যে অসম গণ পৰিষদে বিজেপিক পুনৰ মিত্ৰতাৰ সন্দৰ্ভত এনে কোনো প্ৰস্তাৱ দিয়া নাই। বিজেপিয়ে এনে কোনো ভুল কৰা নাছিল, যাৰ বাবে অগপই মিত্ৰতা ভংগ কৰি গুচি যাব লগীয় হয়। লগতে তেওঁ মিত্ৰতাৰ সন্দৰ্ভত সময়ত শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল’ব বুলিও উল্লেখ কৰে।

তাৰোপৰি তাচাই কয় যে, ‘টিকটৰ সন্দৰ্ভত আলোচনা হোৱা নাই, সেইবিলাক দলৰ ওপৰত নিৰ্ভৰ কৰিব। বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছে। অসমৰ ১৪ খন আসনৰ ভিতৰত ১৪ খনেই পাবলৈ চেষ্টা কৰিব যদিও সেইয়া ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। আমি লওঁ বুলি ক’লেই ল’ব নোৱাৰো।’