NORTHEAST NOW (Assamese)

সাৰদা,লুই বাৰ্জাৰ কেলেংকাৰিৰ বাবে জে’ললৈ যাব মন্ত্ৰী হিমন্ত: বিধায়ক পবিন্দ্ৰ ডেকা

December 7, 2018 10:55 am · পুলেন্দ্ৰ দাস
অগপ বিধায়ক পবিন্দ্ৰ ডেকা। ফাইল ফটো

পঞ্চায়ত নিৰ্বাচনৰ প্রচাৰত ৰাজনৈতিক নেতা সকলৰ মাজত মৌখিক আক্রমণ অব্যাহত আছে ৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিছে পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকা ৷

বিধায়ক গৰাকীয়ে কয়, “সাৰদা, লুই বাৰ্জাৰ আদি কেলেংকাৰিত অভিযুক্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তিহাৰ জেললৈ যাব ৷” পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিধায়কগৰাকীয়ে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত আগবঢ়োৱা এই তীৰ্যক মন্তব্যই বিশেষ ইংগিত বহন কৰিছে ৷

বজালীক জিলালৈ উন্নীত কৰা হ’ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এসময়ত কৰা ঘোষণাক এতিয়া মন্ত্ৰী গৰাকীয়ে পিঠি দিয়া বুলিও বিধায়ক গৰাকীয়ে অভিযোগ কৰে ৷

বজালীৰ নিত্যানন্দত এক নিৰ্বাচনী প্ৰচাৰত বিধায়ক গৰাকীয়ে লগতে কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী পৰাস্ত হ’লে হিমন্ত বিশ্ব শৰ্মাই এ আই য়ু ডি এফত যোগদান কৰাত বাদে অইন পথ নাথাকিব।

উল্লেখযোগ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে চৰকাৰৰ মিত্ৰদল অগপক প্ৰধান আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে অগপৰো একাংশ নেতাই শেহতীয়াকৈ বিজেপিৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে।

Related News