• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতুল-কেশৱ-ফণী-বীৰেনৰ পদত্যাগ দাবীত অগপ কাৰ্য্যালয়তে ধৰ্মঘটত প্ৰতিষ্ঠাপক নেতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 15, 2019 8:19 pm
AGP MLAs demand top leadership's resignation ||Anti-CAA, CAB 2019 protests

দেওবাৰে ধৰ্মঘটত বৃন্দাবন গোস্বামী। ছবি- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতাদ্বয় বৃন্দাবন গোস্বামী আৰু পবীন্দ্ৰ ডেকাই শীৰ্ষ নেতৃত্ব অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ পদত্যাগৰ দাবীত দলৰ মুখ্য কাৰ্য্যালয়ত দেওবাৰে ধৰ্মঘটত বহিছে।

“অতুল বৰাই অগপৰ সভাপতি পদৰ পৰা পদত্যাগ কৰক, কেশৱ মহন্তই কাৰ্য্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰক, ফণীভূষণ চৌধুৰীয়ে পদত্যাগ কৰক, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্য সভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰক।’’, জ্যেষ্ঠ নেতাকেইজনক লগত লৈ আয়োজিত ধৰ্মঘটটোত অগপৰ গুৱাহাটী জিলা সমিতিৰ শ্ল’গান।

Apply Now

অসমত ব্যাপক প্ৰতিবাদৰ মাজতো ৰাজ্য সভাত নাগৰিকত্ব (সংশোধন) বিধেয়ক ২০১৯ৰ সমৰ্থনত ভোট দি অগপ এতিয়া আইনখনৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ যোৱাত কোনো অৰ্থ দেখা নাই নেতা-কৰ্মীসকলে।

পাটাছাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকাই অগপৰ আইনী যুঁজ যাত্ৰাক দলৰ তৃণমূল কৰ্মীক আভুৱা ভাঁৰিবলৈ লোৱা বুলি অভিহিত কৰিছে।

“অগপ নেতৃত্ব আইনী যুঁজৰ মাজলৈ যোৱাটো তুচ্ছ-তাচ্ছিল্য কৰিবলগীয়া বিষয়। দলৰ সাংসদজনে ভোট দিয়াৰ পাছত CAAৰ বিৰুদ্ধে আইনৰ কাষ চপাটো কিমান যুক্তিসংগত? উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিয়ে ক’ব আপোনালোকে কেবৰ সপক্ষে ভোট দিছে তেন্তে কি যুক্তিত ইয়াৰ বিৰুদ্ধে গোচৰ দিছে?” ডেকাই কয়।

অগপৰ গুৱাহাটী মহানগৰ সমিতিয়ে কয় যে এই চাৰিজন নেতাই পদত্যাগ নকৰাপৰ্য্যন্ত আৰু কঠোৰ পদক্ষেপৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়নি দিছে।

তেজপুৰৰ বিধায়ক বৃন্দাবন শৰ্মাই অগপৰ বৰ্তমানৰ নেতৃত্বক কঠোৰ সমালোচনা কৰি ওলোটাই কা-বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়াৰ কথা ঘোষণা কৰিছে।

“আমিবোৰ অগপৰ মালিক নহয়, অসমৰ ৰাইজ অগপৰ মালিক। আমি তৃণমূল কৰ্মীয়ে কা বিৰোধী আন্দোলনৰ নেতৃত্ব দিম, আমাক চৰকাৰী নেতৃত্ব নালাগে। দুখন নাও আছে, এখন কেব সমৰ্থক আৰু আনখন কেব বিৰোধী। দুখন নাৱত ভৰি থকাসকলক আমাক নালাগে।  আমি কেব বিৰোধী নাওখন বিচাৰো, ডুবি মৰিলে সেই নাওখনতে ডুবি মৰিম।”, গোস্বামীয়ে লগতে কয়।

দলৰ আন এজন প্ৰতিষ্ঠাপক নেতা, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে তেৱোঁ কেববিৰোধী বুলি উল্লেখ কৰি কয় যে অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিব অসমীয়াই।

“দিল্লীয়ে ইয়াৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে। দিল্লীৰ আমি গোলাম নহয়, দিল্লীৰ নিৰ্দেশত আমি নচলো।”, গোস্বামীয়ে কয়।

দলটো কেইজনমান নেতাৰ কাৰণে ধূলিসাৎ হ’ব নোৱাৰে বুলি মন্তব্য কৰি গোস্বামীয়ে লগতে কয়, ‘৮৫৫ জন চহিদৰ ত্যাগ অগপৰ লগত জৰিত হৈ আছে। সংগ্ৰামী তেজক কোনোবা ৪-৫ জন নেতাৰ বাবে হেৰাই যাব দিব নোৱাৰি। দলীয় নেতৃত্বই লোৱা সিদ্ধান্তৰ লগত আমাৰ মিল নাই।’

আনহাতে, পবীন্দ্ৰ ডেকাই বৰ্তমানৰ অগপ নেতৃত্বৰ স্থিতিক সমালোচনা কৰি কয় যে ২০১৬ চনৰে পৰা অগপই কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সিদ্ধান্ত লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰি আহিছিল।

“কেইজনমান নেতাই দলটোক বিপদৰ মুখলৈ থেলি দিছে। তেওঁলোকে দলবিৰোধী কাৰ্য্যত লিপ্ত হৈ অসমৰ ভাষা-সংস্কৃতি আৰু জাতীয় জীৱন ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ বিচাৰিছে।’’

ডেকাই কয় যে তিনি-চাৰিজন নেতাৰ দললৈ পৰিণত হৈছে অগপ। “এটা লবীৰ দললৈ ৰূপান্তৰিত হৈছে অগপ। সৰ্বস্তৰৰ নীতি নিৰ্ধাৰণ কমিটী গঠন কৰা নহ’ল, কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত নকৰে।”, তেওঁ লগতে কয়।

গাঁৱে-গাঁৱে গৈ অগপ কৰ্মীক সাক্ষাৎ কৰি CAAৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ কৰিব বুলিও ঘোষণা কৰে ডেকাই।

“এইবাৰ কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে সংসদত উত্থাপন কৰি চলে বলে কৌশলে কেবখন আইনত পৰিণত কৰিলে। দলৰ কেন্দ্ৰীয় পৰিষদৰ সিদ্ধান্ত থকা সত্ত্বেও আমাৰ কেইজনমান নেতাই লগ হৈ বিধেয়কক সমৰ্থন দিয়াৰ লগতে ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক কেবৰ সপক্ষে ভোট দিবলৈ উচতনি দি ভোট দিয়ালে।,” ডেকাই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd