বোকাখাতত অতুল বৰাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

Atul Borah

বোকাখাতত অতুল বৰাৰ প্ৰচাৰ অভিযান।

প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰে। কলিয়াবৰ সমষ্টিত আজিৰ দিনটোত কংগ্ৰেছ আৰু অসম গণ পৰিষদে নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়।

কলিয়াবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বলীউডৰ অভিনেত্ৰী নাগমা মোৰাৰজীৰ সহায়ত ৰ’ড শ্ব অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মাজত চমক দিয়াৰ চেষ্টা কৰাৰ বিপৰীতে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অগপ আৰু মিত্ৰজোঁটৰ এটা বিশাল সমৰ্থকৰ দলে বোকাখাতত ৰ’ড শ্ব অনু্ষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাই দলটোৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ বাবে।

জনপ্ৰিয় কণ্ঠশিল্পী সাজন নায়ক আৰু ভালেসংখ্যক সমৰ্থকক লগত লৈ বোকাখাত চহৰৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে পথ সভাতো অংশগ্ৰহণ কৰে অতুল বৰাই। সাজন নায়কৰ ঝুমুৰৰ তালে তালে অগপ সভাপতিগৰাকীয়ে ভোটাৰ সকলৰ লগত একেলগে এপাক নাচিবলৈ নাপাহৰে।

আনহাতে, পৰৱৰ্তী সময়ত বৰাই সদল বলে বোকাখাত দৈনিক বজাৰত প্ৰবেশ কৰি মনি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সকলোকে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনাই।