বিজেপিৰে পুনৰ মিত্ৰতাৰ বিৰুদ্ধে দলৰ মজিয়াত দেখা দিয়া বিদ্ৰোহৰ অগনিক নিৰ্বাপণ কৰিবলৈ অগপ নেতৃত্বই দমনমূলক নীতিৰ আশ্ৰয় লোৱা দেখা গৈছে । দলটোৰ নেতৃত্বই ইয়াৰ এজন কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্যক তৎকালে বলৱৎ হোৱাকৈ নিলম্বন কৰে সংবাদ মাধ্যমৰ আগত দল বিৰোধী মন্তব্য কৰাৰ অভিযোগত। প্ৰণৱ গোস্বামী নামৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্যজনক ১৪ মাৰ্চত এখন জাননীযোগে কাৰ্য্য নিৰ্বাহক সদস্যৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হয়। লগতে তেওঁক এবছৰৰ বাবে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হয়।
”আপুনি কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত বিৰুদ্ধে গৈ একাংশ সংবাদমাধ্যমত বক্তব্য ৰাখিছে। এই কাৰ্য্য দলৰ সংবিধানৰ পৰিপন্থী। আৰু ইয়াক দল বিৰোধী কাৰ্য্য হিচাপে গণ্য কৰা হৈছে। সেয়েহে দলৰ মাননীয় সভাপতিৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে দলৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা এবছৰৰ বাবে নিলম্বন কৰা হ’ল”, প্ৰণৱ গোস্বামীলৈ লিখা নিলম্বন পত্ৰখনত এইদৰে কোৱা হয়। পত্ৰখন দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা স্বাক্ষৰিত।
উল্লেখযোগ্য যে যোৱা ১২ মাৰ্চৰ দিনা অগপই বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ বান্ধোনত আবদ্ধ হয়, যিটো সিদ্ধান্তৰ বিৰুদ্ধে দলৰ মজিয়াত বিদ্ৰোহ আৰু ক্ষোভৰ উকমূকনি দেখা গৈছে।
দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো এই মিত্ৰতাৰ মুকলি বিৰোধিতা কৰাৰ লগতে সংবাদ মাধ্যমত অগপৰ নেতৃত্বৰ প্ৰতি সৰৱ হৈ আহিছে।
মহন্তই প্ৰণৱ গোস্বামীক নিলম্বনৰ দলৰ নেতৃত্বৰ এই সিদ্ধান্তক হঠকাৰী আখ্যা দিয়ে।
”তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিল। বিধেয়কৰ বিৰোধিতা কৰা বাবেই যদি দলৰ পৰা বহিষ্কৃত হ’ব লগীয়া হয়, তাতকৈ দুৰ্ভাগ্যজনক কথা থাকিব নোৱাৰে”, নিজৰ ক্ষোভ প্ৰকাশ কৰি মহন্তই কয়।
তদুপৰি বৰ্তমান অগপ দলটো দুৰ্বল হৈ পৰা বুলি মন্তব্য কৰি মহন্তই লগতে কয়, ”মুষ্টিমেয় কেইজনমান নেতাৰ নিজৰ ব্যক্তিগত স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ সদস্যক নিলম্বন কৰিলে সমস্যা সমাধান নহয়। কেইজনমান মন্ত্ৰী বা চেয়াৰমেন হ’লেই অসমৰ সমস্যা সমাধান হৈ নাযায়”।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, আগন্তুক লোকসভা নিৰ্বাচনত অগপৰ হৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ প্ৰচাৰ নচলাই বুলি কালি এক সংবাদমেল যোগে ঘোষণা কৰিছিল। লগতে অগপ নেতৃত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি মহন্তই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে বুলিও অভিযোগ তুলিছিল।
যোৱা তিনি-চাৰি দিনত আঞ্চলিক দলটোৰ নেতৃত্বই পুনৰ মিত্ৰতাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আটাইতকৈ সৰৱ হৈ আহিছে মহন্ত। গতিকে তেওঁৰ বিৰুদ্ধেও অনুৰূপ ব্যৱস্থা লোৱা হ’ব নেকি -এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হৈছে।