• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপ নেতৃত্বৰ দমনমূলক নীতি : মিত্ৰতাৰ বিৰোধিতা কৰা সতীৰ্থক নিলম্বন

প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তও বহিষ্কৃত হ’ব লগীয়া পৰিস্থিতি আহিব নেকি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 15, 2019 11:25 pm
AGP's 'action' turns towards former Assam CM Prafulla Mahanta

প্ৰফুল্ল কুমাৰ মহন্তৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰে পুনৰ মিত্ৰতাৰ বিৰুদ্ধে দলৰ মজিয়াত দেখা দিয়া বিদ্ৰোহৰ অগনিক নিৰ্বাপণ কৰিবলৈ অগপ নেতৃত্বই দমনমূলক নীতিৰ আশ্ৰয় লোৱা দেখা গৈছে । দলটোৰ নেতৃত্বই ইয়াৰ এজন কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্যক তৎকালে বলৱৎ হোৱাকৈ নিলম্বন কৰে সংবাদ মাধ্যমৰ আগত দল বিৰোধী মন্তব্য কৰাৰ অভিযোগত। প্ৰণৱ গোস্বামী নামৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্যজনক ১৪ মাৰ্চত এখন জাননীযোগে কাৰ্য্য নিৰ্বাহক সদস্যৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হয়। লগতে তেওঁক এবছৰৰ বাবে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হয়।

”আপুনি কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত বিৰুদ্ধে গৈ একাংশ সংবাদমাধ্যমত বক্তব্য ৰাখিছে। এই কাৰ্য্য দলৰ সংবিধানৰ পৰিপন্থী। আৰু ইয়াক দল বিৰোধী কাৰ্য্য হিচাপে গণ্য কৰা হৈছে। সেয়েহে দলৰ মাননীয় সভাপতিৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে দলৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা এবছৰৰ বাবে নিলম্বন কৰা হ’ল”, প্ৰণৱ গোস্বামীলৈ লিখা নিলম্বন পত্ৰখনত এইদৰে কোৱা হয়। পত্ৰখন দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা স্বাক্ষৰিত।

Apply Now
AGP-suspends-member-for-speaking-against-the-alliance
অগপৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য প্ৰণৱ গোস্বামীলৈ নেতৃত্বই দিয়া নিলম্বন পত্ৰখন।

উল্লেখযোগ্য যে যোৱা ১২ মাৰ্চৰ দিনা অগপই বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ বান্ধোনত আবদ্ধ হয়, যিটো সিদ্ধান্তৰ বিৰুদ্ধে দলৰ মজিয়াত বিদ্ৰোহ আৰু ক্ষোভৰ উকমূকনি দেখা গৈছে।

দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো এই মিত্ৰতাৰ মুকলি বিৰোধিতা কৰাৰ লগতে সংবাদ মাধ্যমত অগপৰ নেতৃত্বৰ প্ৰতি সৰৱ হৈ আহিছে।

মহন্তই প্ৰণৱ গোস্বামীক নিলম্বনৰ দলৰ নেতৃত্বৰ এই সিদ্ধান্তক হঠকাৰী আখ্যা দিয়ে।

”তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিল। বিধেয়কৰ বিৰোধিতা কৰা বাবেই যদি দলৰ পৰা বহিষ্কৃত হ’ব লগীয়া হয়, তাতকৈ দুৰ্ভাগ্যজনক কথা থাকিব নোৱাৰে”, নিজৰ ক্ষোভ প্ৰকাশ কৰি মহন্তই কয়।

তদুপৰি বৰ্তমান অগপ দলটো দুৰ্বল হৈ পৰা বুলি মন্তব্য কৰি মহন্তই লগতে কয়, ”মুষ্টিমেয় কেইজনমান নেতাৰ নিজৰ ব্যক্তিগত স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ সদস্যক নিলম্বন কৰিলে সমস্যা সমাধান নহয়। কেইজনমান মন্ত্ৰী বা চেয়াৰমেন হ’লেই অসমৰ সমস্যা সমাধান হৈ নাযায়”।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, আগন্তুক লোকসভা নিৰ্বাচনত অগপৰ হৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ প্ৰচাৰ নচলাই বুলি কালি এক সংবাদমেল যোগে ঘোষণা কৰিছিল। লগতে অগপ নেতৃত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি মহন্তই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে বুলিও অভিযোগ তুলিছিল।

যোৱা তিনি-চাৰি দিনত আঞ্চলিক দলটোৰ নেতৃত্বই পুনৰ মিত্ৰতাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আটাইতকৈ সৰৱ হৈ আহিছে মহন্ত। গতিকে তেওঁৰ বিৰুদ্ধেও অনুৰূপ ব্যৱস্থা লোৱা হ’ব নেকি -এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd