ডিজিটেল অৱতাৰত অগপ

AGP_Leaders AGP to show up in digital avatar

অসম গণ পৰিষদ নেতৃত্বৰ ফাইল ছবি।

অসম গণ পৰিষদৰ অভ্যন্তৰত হৈছে ডিজিটেল অৱতাৰত আৱিৰ্ভাৱ-সিদ্ধান্ত।

৩৪ বছৰীয়া দলটোৱে পূৰ্ণাংগ নহ’লেও একধৰণৰ ৱে’বছাইট এটা অহা ১৪ ছেপ্তেম্বৰৰ পূৰ্বে সাজু কৰিব।

আৰু ১৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগা সদস্যভৰ্তি কাৰ্য্যসূচী সেই ৱে’বছাইটৰ যোগেদিও আঞ্চলিক দলটোৱে সম্পাদন কৰিব।

দেওবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত বৰ্ধিত সাধাৰণ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমৰ প্ৰতি বিধান সভা সমষ্টিতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত ১৪ অক্টোবৰলৈকে এমাহজুৰি দলভৰ্তি কাৰ্য্যসূচী চলিব।

সদস্যভৰ্তিৰ উপৰি সদ্য প্ৰকাশিত এন আৰ চিকে ধৰি আন কেইবাটাও বিষয়তো অগপৰ সাধাৰণ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে।

অগপই এন আৰ চি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাব। লগতে, নাম বাদ পৰাসকলক সকলো ধৰণৰ আইনী সাহায্যও আগবঢ়াব।

“আইনী সাহায্য দিয়াৰ উদ্দেশ্যে জিলা, সমষ্টিভিত্তিত আইন কোষ গঠন কৰি ব্যৱস্থা লোৱা হ’ব,” সাধাৰণ সভাৰ সিদ্ধান্ত।

প্ৰচাৰ সম্পাদক মনোজ শইকীয়াই জনোৱামতে, বিটি এ দিৰ লগতে পৌৰসভা, পৌৰ নিগম, নগৰ সমিতিৰ আগন্তুক নিৰ্বাচন সন্দৰ্ভত সাধাৰণ সভাই বিস্তৃত আলোচনা কৰিছে।

“বি টি এ ডি নিৰ্বাচনৰ প্রস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ সম্পাদক ভূপেন ৰায় আৰু প্ৰাক্তন বিধায়ক অনন্ত ডেকাক সম্পাদক হিচাপে লৈ এখন নিৰ্বাচনী সমিতি গঠন কৰা হৈছে,” অগপৰ বিবৃতিত প্ৰকাশ।

নগৰ, নিকায়সমূহৰ নিৰ্বাচনত দলৰ কেন্দ্ৰীয় সমিতিৰ পৰা নিৰ্দিষ্টভাৱে তত্বাৱধায়ক ন্যস্ত কৰিব।

“তত্বাৱধায়কসকলে প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে কেন্দ্ৰীয় সমিতিক প্ৰতিবেদন দাখিল কৰিব,” বিবৃতিত প্ৰকাশ।