• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাঁজীৰ নিষ্ঠাৱান অগপ কৰ্মী, সমাজকৰ্মী উৎপল ভৰালীৰ মৃত্যু; বিভিন্নজনৰ শোক প্ৰকাশ

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , August 31, 2018 9:31 pm

2 min read

LATE UTPAL BHARALI, JHANJI

আজি মৃত্যু হোৱা অগপ কৰ্মী উৎপল ভৰালী।

105
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ জাঁজী গড়কোষ গাৱঁৰ অসম গণ পৰিষদ দলৰ নিষ্ঠাৱান কৰ্মী, প্ৰগতিশীল কৃষক, যুৱ সমাজকৰ্মী উৎপল(অকনি) ভৰালীৰ আজি পুৱা ৯-৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ।

যোৱা কিছুদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ভৰালী অসম গণ পৰিষদ দলৰ জন্মলগ্নৰে পৰা জড়িত হৈ আছিল। দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে তেওঁ হাতীঘুলি আঞ্চলিক সমিতিৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল। কৃষিৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা ভৰালী এগৰাকী প্ৰগতিশীল কৃষকো আছিল।

ভৰালীয়ে ৰাজ্যৰ বাহিৰত আধুনিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কৃষি উন্নয়ন সাধন কৰিছিল। সহজ-সৰল আৰু স্বভাৱজাত ৰসিক কথনভংগিৰ বাবে বন্ধু মহলত বিশেষ জনপ্ৰিয়তা থকা ভৰালী ফুলপানীছিগা আঞ্চলিক পুথিভঁৰাল আৰু যুৱকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সদস্য আছিল।

যুৱ সমাজকৰ্মীগৰাকীৰ অকাল বিয়োগত সমগ্ৰ জাঁজী অঞ্চলতে শোকৰ ছাঁ বিৰাজ কৰিছে। আজি সন্ধ্যা চাৰে সাত বজাত তেওঁৰ মৃতদেহ ঘৰলৈ অনাৰ লগে লগে বহু সংখ্যক লোকে তেওঁলোকৰ ঘৰলৈ ঢাপলি মেলে আৰু এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দলৰ নিষ্ঠাৱান কৰ্মীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ দলে এগৰাকী অক্লান্ত তথা নিষ্ঠাৱান কৰ্মীক হেৰুৱালে বুলি মন্তব্য কৰে।

মৃগাংক শইকীয়াই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমাজকৰ্মীগৰাকীৰ মৃত্যুত জাঁজী প্ৰেছ ক্লাব, জাঁজী গড়কোষ গাওঁ নামঘৰ সমাজ,  অগপ হাতীঘুলি আঞ্চলিক সমিতি, শিৱসাগৰ জিলা সমিতি, আমগুৰি সমষ্টি কমিটী, অসম যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ, ফুলপানীছিগা আঞ্চলিক পুথিভঁৰাল আৰু যুৱ কেন্দ্ৰ, ফুলপানীছিগা আঞ্চলিক ৰাসোৎসৱ কলা কৃষ্টি কেন্দ্ৰ,  জাঁজী আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদ্যাপন সমিতি, বেচৰকাৰী অনুষ্ঠান কৃষক ন্যাস, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,  জাঁজী আঞ্চলিক সমিতি, জাঁজী আঞ্চলিক ছাত্ৰ সন্থা, জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাঁজী নাট্য সমাজ কলা ভৱন, গৌৰীসাগৰ ব্লক কংগ্ৰেছ কমিটী,  জাঁজী-জামুগুৰি ব্যৱসায়ী সন্থা, খনামুখ প্ৰেছ ক্লাৱ, শান্তিপাৰ সাংস্কৃতিক সংঘ, হাতীঘুলি শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি, হাতীঘুলি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী বীণা দত্ত,  সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিনিধিৰ আব্দুল গফুৰ আহমেদ, অসম গণ পৰিষদৰ আমগুৰি সমষ্টিৰ ২২খন আঞ্চলিক সমিতিৰ বিষয়ববীয়া, কৰ্মীকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে সমাজকৰ্মীগৰাকীৰ মৃতদেহত পুস্পাঞ্জলি অৰ্পণ কৰে।

উৎপল ভৰালীয়ে মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, দুজন ককায়েক আৰু বহু আত্নীয়স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd