• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাঁজীৰ নিষ্ঠাৱান অগপ কৰ্মী, সমাজকৰ্মী উৎপল ভৰালীৰ মৃত্যু; বিভিন্নজনৰ শোক প্ৰকাশ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
August 31, 2018 9:31 pm
LATE UTPAL BHARALI, JHANJI

আজি মৃত্যু হোৱা অগপ কৰ্মী উৎপল ভৰালী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ জাঁজী গড়কোষ গাৱঁৰ অসম গণ পৰিষদ দলৰ নিষ্ঠাৱান কৰ্মী, প্ৰগতিশীল কৃষক, যুৱ সমাজকৰ্মী উৎপল(অকনি) ভৰালীৰ আজি পুৱা ৯-৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ।

যোৱা কিছুদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ভৰালী অসম গণ পৰিষদ দলৰ জন্মলগ্নৰে পৰা জড়িত হৈ আছিল। দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে তেওঁ হাতীঘুলি আঞ্চলিক সমিতিৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল। কৃষিৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা ভৰালী এগৰাকী প্ৰগতিশীল কৃষকো আছিল।

Apply Now

ভৰালীয়ে ৰাজ্যৰ বাহিৰত আধুনিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কৃষি উন্নয়ন সাধন কৰিছিল। সহজ-সৰল আৰু স্বভাৱজাত ৰসিক কথনভংগিৰ বাবে বন্ধু মহলত বিশেষ জনপ্ৰিয়তা থকা ভৰালী ফুলপানীছিগা আঞ্চলিক পুথিভঁৰাল আৰু যুৱকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সদস্য আছিল।

যুৱ সমাজকৰ্মীগৰাকীৰ অকাল বিয়োগত সমগ্ৰ জাঁজী অঞ্চলতে শোকৰ ছাঁ বিৰাজ কৰিছে। আজি সন্ধ্যা চাৰে সাত বজাত তেওঁৰ মৃতদেহ ঘৰলৈ অনাৰ লগে লগে বহু সংখ্যক লোকে তেওঁলোকৰ ঘৰলৈ ঢাপলি মেলে আৰু এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দলৰ নিষ্ঠাৱান কৰ্মীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ দলে এগৰাকী অক্লান্ত তথা নিষ্ঠাৱান কৰ্মীক হেৰুৱালে বুলি মন্তব্য কৰে।

মৃগাংক শইকীয়াই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমাজকৰ্মীগৰাকীৰ মৃত্যুত জাঁজী প্ৰেছ ক্লাব, জাঁজী গড়কোষ গাওঁ নামঘৰ সমাজ,  অগপ হাতীঘুলি আঞ্চলিক সমিতি, শিৱসাগৰ জিলা সমিতি, আমগুৰি সমষ্টি কমিটী, অসম যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ, ফুলপানীছিগা আঞ্চলিক পুথিভঁৰাল আৰু যুৱ কেন্দ্ৰ, ফুলপানীছিগা আঞ্চলিক ৰাসোৎসৱ কলা কৃষ্টি কেন্দ্ৰ,  জাঁজী আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদ্যাপন সমিতি, বেচৰকাৰী অনুষ্ঠান কৃষক ন্যাস, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,  জাঁজী আঞ্চলিক সমিতি, জাঁজী আঞ্চলিক ছাত্ৰ সন্থা, জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাঁজী নাট্য সমাজ কলা ভৱন, গৌৰীসাগৰ ব্লক কংগ্ৰেছ কমিটী,  জাঁজী-জামুগুৰি ব্যৱসায়ী সন্থা, খনামুখ প্ৰেছ ক্লাৱ, শান্তিপাৰ সাংস্কৃতিক সংঘ, হাতীঘুলি শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি, হাতীঘুলি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী বীণা দত্ত,  সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিনিধিৰ আব্দুল গফুৰ আহমেদ, অসম গণ পৰিষদৰ আমগুৰি সমষ্টিৰ ২২খন আঞ্চলিক সমিতিৰ বিষয়ববীয়া, কৰ্মীকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে সমাজকৰ্মীগৰাকীৰ মৃতদেহত পুস্পাঞ্জলি অৰ্পণ কৰে।

উৎপল ভৰালীয়ে মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, দুজন ককায়েক আৰু বহু আত্নীয়স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd