• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰত হিমন্তৰ প্ৰচাৰ সভাৰ খানা-পিনা যোগাৰ কৰিছে অগপৰ বিয়াগোম নেতাৰ মানুহে

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
December 2, 2018 10:49 pm
himanta-biswa-sarma
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ তাৰিখত অগপৰ আটাইতকৈ দয়া-মায়াহীন সমালোচকজন কোন বুলি প্ৰশ্ন কৰিলে উত্তৰ দিবলৈ কাৰো বোধহয় এক মিনিটো সময়ৰ প্ৰয়োজন নহ’ব। সমালোচকৰ ঠাইত নিন্দুক বুলি সুধিলেও একেটাই উত্তৰ পাম।

সমকালীন ৰাজনৈতিক ইতিহাসে কয় যে তাচ্ছিল্যসূচক তথা অশোভনীয় বাক্যবাণত হিমন্তক কোনেও বলে নোৱাৰে। গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমান ক্ষুৰধাৰ ভাষাৰে অগপক কংগ্ৰেছ, এ আই য়ু ডি এফৰ নেতাই সমালোচনা কৰা নাই বা কৰিব পৰা নাই। দুয়োটা মিত্ৰ দল অগপ আৰু বিজেপিয়ে মিত্ৰতা আঁতৰাই থৈ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱাৰ পিছৰ এই কম সময়খিনিৰ ভিতৰতে হিমন্তই অগপক যিমান থকাসৰকা কৰিলে, বিগত প্ৰায় আঢ়ৈটা বছৰত বিৰোধী দলৰ পৰাও অগপই এনেকুৱা বিদ্ৰূপ সহিব লগীয়া হোৱা নাছিল।

Apply Now

কিন্তু সেই হিমন্তৰে কাইলৈ কলিয়াবৰ সমষ্টিৰ অধীনৰ জখলাবন্ধাৰ মিলন সংঘৰ বাকৰিত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনী প্ৰচাৰ সভাৰ বাবে খানা-পিনা যোগাৰৰ দায়িত্ব লৈছে অগপৰে এজন বিয়াগোম নেতাৰ মানুহে। জানিব পৰামতে, আজিৰ পৰাই হিমন্তৰ সভাখনৰ বাবে বিভিন্ন যা-যোগাৰক লৈ দিনটো ব্যস্ত আছে অগপৰ নেতা তথা মন্ত্ৰীজনৰ মানুহ।

উল্লেখযোগ্য যে কাইলৈ হেলিকপ্টাৰেৰে গৈ বিজেপিৰ মন্ত্ৰী হিমন্তই ৯.৩০ বজাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। তাৰ আগে আগে অগপৰো বাইক ৰেলিৰ কাৰ্য্যসূচী আছে। কিন্তু গোপন সূত্ৰৰ খবৰ মতে, অগপৰ নেতা তথা মন্ত্ৰীজনে দলটোৰ নিৰ্বাচিত কিছু কৰ্মীক হিমন্তৰ সভাখনৰ বাবে সকলো যোগাৰৰ আছুতীয়া দায়িত্ব দিছে।

জানিব পৰামতে, এই গোপন খবৰটো অগপ দলটোৰ শীৰ্ষ নেতৃত্বৰ কাণতো পৰিছে। তৎসত্ত্বেও কোনো প্ৰতিক্ৰিয়া নাই কৰা শীৰ্ষ নেতৃত্বই। অৰ্থাৎ এইবোৰ এতিয়া দলৰ বাবে ‘অপেন ছিক্ৰেট’ আৰু স্বীকৃত কথা।

হয়তো কাইলৈ সেই সভাৰ মজিয়াৰ পৰাই ন-বিজেপি হিমন্তই অগপ দলটোক পুনৰ ক্ষুৰধাৰ সমালোচনা কৰিব। আনকি অগপৰ উক্ত মন্ত্ৰী তথা নেতাজনকো কটাক্ষৰ খোঁচ এটা মাৰিব, আৰু এই আপাত বিৰোধত অসমৰ জনগণে ভাবিবলৈ ল’ব পাৰে যে দুয়োটা দলৰ মাজত ৰাজনৈতিক শত্ৰুতাই চৰম পৰ্য্যায় পাইছে।

হয়তো দুয়োটা দলৰ ‘উমৈহতীয়া বিৰোধী’ কংগ্ৰেছীসকলেও ইয়াৰ মাজেদি এটা সুযোগৰ পুনৰাৱিষ্কাৰ কৰি মিছা সন্তোষ লভিব। কোৱা বাহুল্য মাথো যে দুই মিত্ৰ দলে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা আঁতৰাই থৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ নাটকখনৰ সফলতা তাতেই।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd