NORTHEAST NOW (Assamese)

কাইলৈ প্ৰথম পৰ্য্যায়ৰ প্ৰচাৰ অন্ত; প্ৰকাশ পাবহে অগপৰ ইস্তাহাৰ!

April 8, 2019 10:05 pm · অনিৰ্বাণ পাঠক

গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভোটাৰৰ মাজত নিজৰ লক্ষ্য, আদৰ্শ আৰু ভৱিষ্যত কাৰ্য্যপন্থা দাঙি ধৰাৰ বাবে ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ এটা পৰম্পৰা আছে। ইয়াৰ ব্যতিক্ৰম হোৱা নাই এইবাৰো। লোক সভা নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে কংগ্ৰেছ, বিজেপি, চি পি আই (এম)কে ধৰি দেশৰ প্ৰধান ৰাজনৈতিক দলসমূহৰ উপৰি অসমত এ আই য়ু ডি এফে নিজ দলৰ ইস্তাহাৰ প্ৰকাশ কৰিছে।

কিন্তু ৰাজ্যৰ প্ৰধান আঞ্চলিক দল বুলি স্বীকৃত অসম গণ পৰিষদে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ মাত্ৰ কেইঘন্টামান বাকী থকা অৱস্থাতো ইস্তাহাৰ প্ৰকাশ কৰিব পৰা নাই।

অগপই প্ৰতিদ্বন্দ্বিতা কৰা কলিয়াবৰ সমষ্টিৰ নিৰ্বাচন প্ৰথম পৰ্য্যায়তে হ’ব আৰু সমষ্টিটোৰ বাবে প্ৰচাৰৰ সুযোগ কাইলৈ বিয়লি অন্ত পৰিব।

কোৱা প্ৰয়োজন যে আঞ্চলিক দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে এখন ইস্তাহাৰ কমিটীও গঠন কৰিছিল। মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত দলটোৰ কাৰ্য্যনিৰ্বাহকৰ সভাত প্ৰাক্তন বিধায়ক ভূপেন ৰায়ক সভাপতি আৰু বিধায়ক পবীন্দ্ৰ ডেকাক আহ্বায়ক হিচাপে লৈ যোৱা ২০ ফেব্ৰুৱাৰিত এই কমিটীখন গঠন কৰা হৈছিল।

কিন্তু কমিটীখন গঠনৰ ডেৰ মাহ উকলি যোৱাৰ পাছতো দলটোৱে ইস্তাহাৰ প্ৰকাশ কৰিব নোৱাৰিলে।

ইপিনে, দলৰ ইস্তাহাৰ সম্পৰ্কত অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়, “আমি ইস্তাহাৰ প্ৰকাশ কৰিম। মই এই বিষয়ত দলৰ সভাপতি অতুল বৰাৰ সৈতে কথা পাতিম। কাইলৈৰ ভিতৰত ইস্তাহাৰখন প্ৰকাশ কৰিম”।

তেওঁ লগতে ইস্তাহাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত অগপই পলম কৰা নাই বুলি মন্তব্য কৰি কয়, “বিজেপিয়েও আজিহে প্ৰকাশ কৰিছে”।

ইপিনে ইয়াৰ সমান্তৰালকৈ এটা প্ৰশ্ন আহি পৰে, বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ আনিব বুলি ইস্তাহাৰত স্পষ্টকৈ উল্লেখ কৰাৰ পাছত মিত্ৰজোঁটৰ অংশীদাৰ অগপই প্ৰকাশ কৰিব লগীয়া ইস্তাহাৰত বিধেয়কখনক লৈ কি স্থিতি ৰাইজৰ আগত দাঙি ধৰিব?

এই বিষয়ে ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সোধাত তেওঁ কয়, “আমি বিধেয়কৰ বিৰোধিতা কৰি পূৰ্বৰ স্থিতিতে অটল আছো। বিজেপিয়ে বিধেয়কখন আনিলে অগপৰ লগত আলোচনা কৰিহে সিদ্ধান্ত ল’ব বুলি ইতিমধ্যেই আমাক কথা দিছে”।

কিন্তু প্ৰশ্ন হ’ল, বিজেপিয়ে ইস্তাহাৰযোগে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াৰ পাছত “মিত্ৰ” অগপৰ বিধেয়ক-বিৰোধী স্থিতিৰ কিবা অৰ্থ থাকিবনে? যদি বিজেপিৰ ইস্তাহাৰৰ বিপৰীতে অগপই বিধেয়কৰ বিৰোধিতা কৰি থাকে মিত্ৰজোঁটত দুই দলৰ এটা পৰস্পৰবিৰোধী স্থিতি নহ’বনে?

Related News