• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ মধ্যস্থতাত নিৰ্বাচনী বুজাবুজিত এ আই য়ু ডি এফ-বিজেপি

অগপ-এ আই য়ু দি এফ নেতাৰ মুকলি মন্তব্যৰ আঁত ধৰি মুখ্য মন্ত্ৰী সোণোৱাল, বিজেপিলৈ শক্তিশেল কংগ্ৰেছৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 8, 2019 10:26 pm
Loksabha election: BJP-AIUDF join hands under AGP's mediatorship, alleges Congress
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ আই য়ু দি এফৰ নাম লৈ বিজেপি নেতাসকলে অসমৰ জনসাধাৰণৰ সন্মুখত কংগ্ৰেছক আক্ৰমণ কৰি অহাৰ সময়তে চৰ্চালৈ আহিছে এক বিপৰীত ছবি।

ক্ষমতাৰ স্বাৰ্থতে অগপ মন্ত্ৰীকেইজনে মুখ্য মন্ত্ৰীৰ হৈ বদৰুদ্দিন আজমলৰ দলৰ সৈতে বুজাবুজিত “মধ্যস্থতাকাৰীৰ ৰূপত আত্মপ্ৰকাশ কৰিছে”, কংগ্ৰেছৰ বিবৃতিত প্ৰকাশ।

Apply Now

খোদ অগপ আৰু এ আই য়ু দি এফ নেতাৰ মন্তব্যৰ আঁত ধৰি এই দাবী কৰিছে কংগ্ৰেছে।

“অগপৰ তিনি মন্ত্ৰীক এ আই য়ু ডি এফৰ সৈতে মধ্যস্থতাকাৰীৰ দায়িত্ব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছে নেকি? মুখ্য মন্ত্ৰীজনৰ সেউজ সংকেত নাথাকিলে কোন মন্ত্ৰীৰ সাহস আছে যে এনেদৰে মুকলিমুৰীয়াকৈ এ আই য়ু ডি এফৰ সহায় বিচাৰি কথা পাতিব পাৰিব?।”, মুখ্য মন্ত্ৰী সোণোৱাল তথা বিজেপিলৈ পোনপটীয়া প্ৰশ্নৰে বিবৃতি অসম প্ৰদেশ কংগ্ৰেছৰ।

অগপৰ তিনি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে এ আই য়ু ডি এফৰ পৰা সহায় বিচাৰি ফোন কৰা বুলি বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমত কৰা মন্তব্য খণ্ডন কৰা নাই মন্ত্ৰীকেইজনে। ওলোটাই মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এ আই য়ু দি এফৰ সহায় বিচৰাটোত অস্বাভাৱিকতা নাই-ধৰণৰ মন্তব্যহে আগবঢ়াইছে।

“এ আই য়ু ডি এফৰ যিহেতু কলিয়াবৰত প্ৰাৰ্থী নাই, গতিকে অগপই তেওঁলোকৰ ভোট বিচাৰিব পাৰে।”, দেওবাৰে সাংবাদিকৰ আগত ফণীভূষণ চৌধুৰীৰ মন্তব্য।

লগতে পঢ়ক– বদৰুদ্দিনৰ লগত কংগ্ৰেছে মিত্ৰতা কৰি নিৰাপত্তাৰ প্রতি ভাবুকি কঢ়িয়াইছে: যোগী আদিত্য নাথ

লগতে পঢ়ক– বদৰুদ্দিনৰ দৰে সাম্প্ৰদায়িক শক্তিৰ ওচৰত অসম সুৰক্ষিত নহয়: বিশ্বনাথৰ সভাত মন্ত্ৰী হিমন্ত

সংখ্যালঘু ভোট-নিৰ্ভৰ দলটোৰ মুৰব্বী “বদৰুদ্দিন আজমল অসমৰ মুখ্য মন্ত্ৰী হ’ব”-ধৰণৰ প্ৰচাৰেৰে বিজেপি নেতাসকলে খিলঞ্জীয়াৰ সমৰ্থন বিচাৰি অহাৰ পৰিপ্ৰেক্ষিতত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd