উমৰাঙচুত বন্ধুসকলৰ সৈতে অৱসৰ বিনোদনৰ বাবে যোৱা গুৱাহাটী ইণ্ডিয়া আই আই এম টিৰ ছাত্ৰ বিকাশ ৰয় (১৯) জলপ্ৰপাতৰ পানীত পৰি ৰবিবাৰৰ পৰা নিখোজ হৈ থকাৰ পাছত আজি এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে অভিযান চলাই ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে।
ঘটনাৰ বিৱৰণী অনুসৰি, দিয়ুঙমুখ আৰক্ষী থানাৰ অন্তৰ্গত উমৰাঙচুৰ ওচৰৰ পানীমুৰ জলপ্ৰপাতৰ নান্দনিক দৃশ্য চোৱাৰ বাবে বন্ধুসকলৰ সৈতে বিকাশ ৰয়ে বৰিবাৰে গুৱাহাটীৰ পৰা পানীমুৰলৈ আহিছিল। বন্ধুসকলৰ সৈতে জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰি থকাৰ সময়তে হঠাৎ বিকাশ পিছলি পানীত পৰি যায়।
সকলোৰে সন্মুখতে সংঘটিত ঘটনাটোত আচৰিত হৈ পৰা বিকাশৰ বন্ধু সকলৰ মাজত হুৱাদুৱা লাগে আৰু আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে। খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলালেও ছাত্ৰজনৰ কোনোধৰণৰ শুংসূত্ৰ উলিয়াব নোৱাৰিলে।
আনহাতে, আৰক্ষীৰ লগতে পৰৱৰ্তী সময়ত দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানত এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দল উপস্থিত হয় অভিযান চলাই। প্ৰায় দীৰ্ঘসময়ৰ অভিযানৰ অন্তত উদ্ধাৰকাৰী দলটোৱে আজি ছাত্ৰজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে পৰিয়ালৰ লগতে পানীমুৰৰ স্থানীয় জনসাধাৰণৰ মাজতো শোকাকুল পৰিবেশে বিৰাজ কৰে।