• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একালৰ মহন্তৰ ঘনিষ্ঠ কমলা কলিতাৰ মতে অগপক ভালপোৱা কোনো সদস্যই দল এৰি নাযায়

অসমত নতুন কৈ গঠিত হব লগা কোনো ৰাজনৈতিক দলে অগপক কোনো ক্ষেত্ৰতে ক্ষতি কৰিব নোৱাৰে -ডাঃকমলা কলিতা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 7, 2020 10:07 am
IMG_20200807_085625

ডাঃ কমলা কলিতা।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আছুৰ অথবা অন্যান্য দল সংগঠনৰ নেতৃত্বত গঠন হব লগা আঞ্চলিক ৰাজনৈতিক দলত অগপৰ বৰ্তমানৰ বিধায়ক তথা অগপৰ কোনো কোনো নেতা নতুন দলত যোগদান কৰাৰ কুচকাৱাচ চলি থকা সময়তে  অসম গণপৰিষদক ভালপোৱা অথবা অগপ বিশ্বাসী কোনো সদস্যই নতুন আঞ্চলিক দলত যোগদান নকৰে বুলি প্ৰকাশ কৰে অগপৰ সাধৰণ সম্পাদক ডাঃ কমলা কলিতাই।

একালৰ প্ৰফুল্ল মহন্তৰ অতিকৈ বিশ্বাসী ডাঃ কমলা কলিতাই নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত কয়, “নতুন দলত অসম গণ পৰিষদক ভালপোৱা বিশ্বাসী কোনো সদস্য অগপ ত্যাগ নকৰে। অগপ এৰা অথবা অগপৰ পৰা বহিস্কৃত হোৱা তেনে ব্যক্তি কাৰোবাৰ সৈতে যোগাযোগ কৰিব পাৰে অথবা নতুন দলত যোগ দিব পাৰে।”

গণতান্ত্রিক দেশ এখনত ৰাজনৈতিক দল খোলাৰ বাবে সকলোৰে অধিকাৰ আছে বুলি উল্লেখ কৰি কলিতাই কয়, “অসমতো বহু কেইটা ৰাজনৈতিক দল খোলাৰ কুচকাৱাচ চলিছে। এই ক্ষেত্ৰত সকলোৱে নিজৰ নিজৰ কি এজেণ্ডা লৈ খুলিছে সেয়া সময়ত গম পাম। আঞ্চলিক ৰাজনৈতিক দল এটা থকাৰ পিছত আকৌ অসমত আঞ্চলিক ৰাজনৈতিক দল খোলাটো ৰাইজে কিদৰে গ্ৰহণ কৰিব সেয়া বিচাৰ কৰিব।”

ইফালে ৰাজ্যত আঞ্চলিক দল অসম গণ পৰিষদ থকাৰ পিছত আকৌ আঞ্চলিক দল কাৰ স্বাৰ্থত খোলা হব বা কাৰ লাভালাভৰ বাবে খোলা হব সেয়া সময়ত মুকলি হব বুলি ব্যক্ত কৰে কলিতাই ৷

নতুন আঞ্চলিক দল খোলাৰ কথাটোত বিশেষ গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰি কলিতাই কয়, “এই ক্ষেত্ৰত অসম গণ পৰিষদৰ কোনো কৰ্মী দুৰ্বল হব বুলি অনুভৱ কৰা নাই।‘’

অসমত নতুন কৈ গঠিত হব লগা কোনো ৰাজনৈতিক দলে অগপক কোনো  ক্ষেত্ৰতে ক্ষতি কৰিব নোৱাৰে বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত ব্যক্ত কৰে কলিতাই ৷

আনহাতে, খাদী গ্ৰামোদ্যোগ ব’ৰ্ডে কৰ’নাৰ সংকটৰ বাবে দিয়া লকডাউনত প্ৰতি মাহে প্ৰায় ১০ লাখ টকাৰ ৰাজহ হেৰুৱাইছে ৷ যাৰ ফলত বহুখিনি লোকচানৰ সন্মুখীন হোৱা বুলি জানিব দিয়ে খাদী গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ৷

ইপিনে এইবাৰ স্বাধীনতা দিৱসৰ বাবে খাদী গ্ৰামোদ্যোগ ব’ৰ্ডে প্ৰায় ১২ লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকা মজুত কৰি ৰাখিছে বুলি জানিব দিয়ে কলিতাই ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans
ADVERTISEMENT

Recent News

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm
উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

August 13, 2025 4:23 pm
জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

জাতীয় জন্তু হিচাপে ঘোষণা কৰা হ’ব গৰুক ! কেন্দ্ৰই কি জনালে সংসদত?

August 13, 2025 3:50 pm
বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

August 13, 2025 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm
উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

August 13, 2025 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd