NORTHEAST NOW (Assamese)

কলিয়াবৰত অগপৰ জাতীয় ঐক্য সমাৰোহ : হেংদান দাঙি অতুল-কেশৱৰ শক্তি প্ৰদৰ্শন!

January 31, 2021 8:40 pm · ৰিদীপ শৰ্মা

দেওবাৰে মধ‍্য অসমৰ কলিয়াবৰত অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত জাতীয় ঐক‍্য সমাৰোহ অনুষ্ঠিত হয়।

মঞ্চত উপবিষ্ট হৈ শত-সহস্ৰ লোকৰ উপস্থিতিত কলিয়াবৰত অগপৰ সভাপতি অতুল বৰা, কাৰ্য‍কৰী সভাপতি কেশৱ মহন্ত, জ‍্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডা০ কমলা কলিতা, মহিলা পৰিষদ, যুৱ পৰিষদ, ছাত্ৰ পৰিষদৰ শীৰ্ষ নেতা, ড০ পৰমানন্দ ৰাজবংশী, কল্পনা পাটোৱাৰীকে ধৰি ঐক‍্য সমাৰোহত ন-সাজেৰে দলটোক ৰাইজৰ মাজলৈ লৈ যোৱাত ঐক‍্যবদ্ধ হৈ কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় দলটো।

বিভিন্ন জাতি-জনগোষ্ঠী কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে এক সাংস্কৃতিক শোভাযাত্ৰাৰে অগপ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দক আদৰি আনে কুঁৱৰীটোলৰ ঐতিহাসিক গান্ধী খেলপথাৰলৈ।

অনুষ্ঠানত অগপ দলত যোগদান কৰে ক্ৰমে চাহ নেতা বিন্দু গঞ্জু, শুকদেৱ নায়ক, কৃষ্ণ কৰ্মকাৰ, ৰীতা দীগাল, বাসন্তী তাঁতি, সোণালী খাকলাৰী, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৰাজ‍্যিক সভাপতি দিপাঙ্কৰ গোঁহাইকে ধৰি ভালেকেইজন নেতাসহ কেইবা শতাধিক কৰ্মীয়ে।

জাতীয় ঐক‍্য সমাৰোহত অগপ দলৰ সভাপতি অতুল বৰা। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সমাগত নিৰ্বাচনত দলৰ প্ৰদৰ্শন আশাপ্ৰদ হ’ব বুলি মন্তব‍্য প্ৰকাশ কৰে।

Related News