NORTHEAST NOW (Assamese)

২১ জানুৱাৰিৰ পৰা বোকাখাতত তিনিদিনীয়া কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় মেলা

January 15, 2021 12:52 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

অহা ২১, ২২ আৰু ২৩ জানুৱাৰিত তিনিদিনীয়া কাৰ্যসূচীৰে বােকাখাতত অনুষ্ঠিত হ’ব কৃষি আৰু উদ্যান শস্যৰ এক ৰাষ্ট্ৰীয় মেলা।

৫৯৬ সংখ্যাক তিনিদিনীয়া এই ৰাষ্ট্ৰীয় মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উদ্যমী কৃষকসকলে যােগদান কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভিয়েটনাম, মালয়েছিয়াকে ধৰি কেইবাখনাে দেশৰ প্রতিনিধিয়ে অংশ গ্ৰহন কৰিব।

অসম চৰকাৰৰ কৃষি, পশু পালন আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা আয়োজিত এই মেলাই অসমৰ কৃষি তথা উদ্যান শস্যৰ লগত জড়িত সকলো কৃষকক উৎসাহিত কৰাৰ লগতে অসমৰ কৃষি ক্ষেত্রখনত এক অনন্য মাত্রা প্রদান কৰিবলৈ সক্ষম হব বুলি কৃষিমন্ত্ৰী অতুল বৰাই জনায়।

এই তিনিদিনীয়া প্রদর্শনীত ৰাজ্যৰ উদ্যমী কৃষক সকলে উৎপাদিত সামগ্রীৰ প্রদর্শনী কৰাৰ সুযােগ পােৱাৰ লগতে এই ক্ষেত্রত অনুষ্ঠিত হবলগীয়া প্রতিযােগিতাতো অংশগ্রহণ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

কৃষি বিশেষজ্ঞ তথা কৃষি বিজ্ঞানী, কৃষি ক্ষেত্রত সফলতা লাভ কবিবলৈ সক্ষম হােৱা ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত প্রশিক্ষণ তথা আলোচনাচক্র সমূহতাে কৃষকসকলে অংশগ্রহণ কৰাৰ সুযােগ লাভ কৰিব।

এই ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলাত অসমৰ বিভিন্ন প্রান্তৰ উঠি অহা উদ্যমী যুৱ কৃষকসকলে নিজৰ নিজৰ অনুভৱো ব্যক্ত কৰাৰ বাবে এখনি মঞ্চ লাভ কৰিব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।

কৃষি, উদ্যান শস্য, খাদ্য সংশাধন তথা পশু পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ প্রশস্ত কবিবলৈ সক্ষম হােৱা ৰাজ্যৰ সকলো লোককে এই তিনিদিনীয়া কৃষি আৰু উদ্যান শস্য মেলাত অংশগ্রহণ কৰি সমগ্র অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে কৃষি মন্ত্ৰী অতুল বৰাই।

Related News