• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত বনৰীয়া ম’হৰ আক্ৰমণত পুনৰ এগৰাকী লোকৰ মৃত্যু; অৱশেষত বন বিভাগে গুলিয়াই হত্যা কৰিলে দুৰ্ধৰ্ষ ম’হটো

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বানাথ , January 15, 2021 2:02 pm

2 min read

বিশ্বনাথত বনৰীয়া ম’হৰ আক্ৰমণত পুনৰ এগৰাকী লোকৰ মৃত্যু; অৱশেষত বন বিভাগে গুলিয়াই হত্যা কৰিলে দুৰ্ধৰ্ষ ম’হটো
135
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া গোনা ম’হে বিশ্বনাথ চাৰিআলিত দুদিনত দুজনকৈ লোকক হত্যা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

কালি বিশ্বনাথৰ মটক গাৱৰ জয়ন্ত দাস নামৰ এজন লোকৰ বনৰীয়া ম’হটোৰ আক্ৰমণত মৃত্যু হৈছিল। ইয়াৰ পিছতে উত্তেজিত ৰাইজে  বিশ্বনাথ ঘাটৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ কেন্দ্ৰীয় বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰি বন বিভাগৰ এখন বলেৰ’ জ্বলাই দিয়াৰ লগতে কাৰ্যালয়টোৰ কেইবাটাও গৃহ জলাই দিছিল।

এই ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই আজি পুনৰ পুৱা বিশ্বনাথৰ শলমাৰীৰ চিকু চেণ্টাৰৰ শুকুৰ আলী নামৰ এজন ব্যক্তিক আক্ৰমণ কৰি হত্যা কৰে বনৰীয়া ম’হটোৱে।

ইপিনে, বনৰীয়া ম’হটোৱে গাঁৱখনত সন্ত্ৰাস চলাই মহিদুল ইছলাম, সমত্ত ভানু নামৰ এগৰাকী মহিলা আৰু বুলবুল হুছেইন নামৰ এটা ৬ বছৰীয়া শিশুকো আহত কৰে।

আহত সকলৰ ভিতৰত সমত্ত ভানুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে, দুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰা বনৰীয়া গোনা ম’হটোক বন বিভাগৰ লোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি  ১ নং আদাভেটিত এখন পথাৰত ঘেৰি ধৰি গুলীয়াই হত্যা কৰে।

প্ৰায় ১৬ জাই গুলী কৰাৰ পিছতহে ম’হটো নিহত হয়।

ম’হটো নিধন হোৱাৰ পিছত বিশ্বনাথৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে যদিও পুনৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা যাতে বনৰীয়া জন্তু ওলাই আহি জনাঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

ইফালে মৃত জয়ন্ত দাস আৰু শুকুৰ আলীৰ পৰিয়ালক ক্ষতিপুৰণ দিবলৈও দাবী জনাইছে স্থানীয় ৰাইজে।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd