NORTHEAST NOW (Assamese)

বানাক্ৰান্ত কৃষকক সকাহ দিবলৈ কৃষ্ণাই কৃষি পামৰ পথাৰত কঠীয়া সিঁচিলে জিলা কৃষি বিভাগে

July 4, 2021 9:08 am · নীলমনি শর্মা
ফটো: নৰ্থইষ্ট নাও।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৰূপায়ণ হ’বলগীয়া এই আচঁনি খনৰ শুভাৰম্ভ কৰে বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে ৷

এই উদ্দেশ্যে শনিবাৰে কৃষ্ণাই কৃষিপামৰ পথাৰৰ আঠুৱনি বোকাত নামি পৰিল দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ লগতে জিলাখনৰ একাংশ কৃষি বিষয়া কৰ্মচাৰী ৷

উল্লেখ্য যে গোৱালপাৰা জিলাৰ উপৰি ৰাজ্যখনৰ অন্য জিলাৰ বানবিধ্বস্ত কৃষক সকলক সহায় কৰাৰ উদ্দ্যেশ্যে গোৱালপাৰা জিলা কৃষি বিভাগে কৃষ্ণাইৰ কৃষি পামত এই আচঁনি খন গ্ৰহণ কৰে ৷

জিলা কৃষি বিষয়া গৰাকীয়ে জানিব দিয়া মতে, চলিত বাৰিষা কালৰ বানত জিলাখনৰ যি সকল কৃষকৰ কঠীয়া নষ্ট হ’ব সেই সকল কৃষকক সকাহ দিয়াৰ বাবে জিলা কৃষি বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷

অৱশ্যে বানত ক্ষতিগ্ৰস্ত অন্য জিলাৰ কৃষককো এই সুবিধা প্ৰদাণ কৰা হ’ব বুলি কৃষি বিষয়া গৰাকীয়ে মত ব্যক্ত কৰে ৷

উল্লেখযোগ্য যে কৃষকৰ সুবিধাৰ বাবে এই যি উন্নত মানৰ কঠীয়া সিঁচা হৈছে সেইবোৰ কঠীয়া পানীৰ তলত ১০/১৫ দিন থাকিলেও কোনো ক্ষতিসাধন নহয় আৰু এই কঠীয়াৰ দ্বাৰা কৃষকসকলে বিচৰা মতে উৎপাদন লাভ কৰিবলৈ সক্ষম হ’ব।

এই অনুষ্ঠানত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ লগতে জিলা কৃষি বিষয়া প্ৰশান্তজিৎ বৰা,দুধনৈ মহকুমা কৃষি বিষয়া অশোক শৰ্মা ,কৃষ্ণাইৰ এডিঅ’ বন্দনা পাটগিৰি আদিকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে ৷

Related News