NORTHEAST NOW (Assamese)

হালোৱাৰ ৰূপত কৃষি মন্ত্ৰী অতুল বৰা; নৱপ্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত হ’বলৈ আহ্বান

June 11, 2021 1:11 pm · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

আজি পুৱাই কৃষি মন্ত্ৰী অতুল বৰাই হাল জুৰিলে পথাৰত। জন্মস্থান গোলাঘাটৰ বাম বৰাহী গাঁৱত নিজা কৃষি ভূমিত হাতত ট্ৰেক্টৰ লৈ পথাৰত হাল বোৱা দেখা গ’ল কৃষি মন্ত্ৰী গৰাকীক।

মন্ত্ৰী গৰাকীয়ে নৱ প্ৰজন্মক কৃষি কৰ্মত নিয়োজিত হৈ খেতিয়কক মৰ্যদা প্ৰদান কৰিবলৈও আহ্বান জনায়।

সাংবাদিকৰে হোৱা বাৰ্তালাপত এনেদৰে পথাৰত হাল বাই অতীতৰ স্মৃতি সোঁৱৰণ কৰি মন্ত্ৰীগৰাকী নষ্টালজিক হৈ পৰা দেখা গ’ল। কৃষি কৰ্মৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ মন্ত্ৰী জনে প্ৰতিবছৰে এনেদৰে পথাৰত হাল বায় বুলিও উল্লেখ কৰে।

ইয়াৰ পিছতে গোলাঘাট জিলা অগপৰ কখৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী গৰাকী। নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰলৈ কাৰ্যালয়ত উপস্থিত হোৱা মন্ত্ৰী গৰাকীক অগপৰ কৰ্মকৰ্তাসকলে উষ্ম আঁদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি অগপৰ জন্মস্থান গোলাঘাটত দলটোৰ প্ৰতি আকৃষ্ট হৈ বহু কংগ্ৰেছ কৰ্মী অগপত যোগদান কৰা দেখা গৈছে।

আজিও মন্ত্ৰী গৰাকীৰ উপস্থিতিত প্ৰায় ৪০ গৰাকী আছু কৰ্মীয়ে দলটোত যোগদান কৰে। যোগদান কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাই আগন্তুক বৰ্ষত পশুপালন আৰু কৃষি বিভাগৰ খালী হৈ থকা প্ৰায় ৫০০০ পদত নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে।

Related News