• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশৰ কৃষি মন্ত্ৰীৰ আঠ পৃষ্ঠাৰ এখন চিঠি, আন্দোলনকাৰী কৃষকক আঠটা প্ৰতিশ্ৰুতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2020 10:42 am

2 min read

দেশৰ কৃষি মন্ত্ৰীৰ আঠ পৃষ্ঠাৰ এখন চিঠি, আন্দোলনকাৰী কৃষকক আঠটা প্ৰতিশ্ৰুতি
189
VIEWS
Share on FacebookShare on Twitter

নতুন কৃষি আইনৰ বিৰুদ্ধে চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতেই কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে দেশৰ কৃষক সকলক উদ্দেশ্য কৰি এখন পত্ৰ লিখিছে।

আঠ পৃষ্ঠাজোৰা পত্ৰখনত কৃষি মন্ত্ৰী গৰাকীয়ে কৃষকসকলক আঠটা প্ৰতিশ্ৰুতি দিয়ে।

চিঠিখনত তেওঁ নূন্যতম সমৰ্থন দামক(এম এছ পি)লৈ কেন্দ্ৰীয় চৰকাৰে কৃষকক লিখিত প্ৰতিশ্ৰুতি দিবলৈ সাজু আছে বুলি উল্লেখ কৰে।

তেওঁ লগতে নূন্যতম সমৰ্থন দাম অব্যাহত আছে আৰু অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে।

আনহাতে মন্ত্ৰী গৰাকীয়ে ৰাজনীতিৰ স্বাৰ্থত একাংশ লোকে কৃষকসকলৰ মাজত ভুল তথ্য আগবঢ়াইছে বুলিও উল্লেখ কৰে।

কৃষি মন্ত্ৰীৰ এই চিঠিক কেন্দ্ৰ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইট কৰা পৰিলক্ষিত হয়।

কৃষি মন্ত্ৰীয়ে লিখা এই চিঠিখন দেশৰ সকলো অন্ন দাতাকেই পঢ়িবলৈ বিনম্ৰতাৰে অনুৰোধ জনাই প্ৰধান মন্ত্ৰী মোদীয়ে।

ইয়াৰ উপৰি মোদীয়ে দেশৰ প্ৰতিজন লোকৰ ওচৰলৈ এই চিঠিখন লৈ যাবলৈ দেশবাসীক আহ্বান জনায়।

চিঠিখনত লিখা আছে, ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ চৰকাৰে কোনো ভেদাভেদ নোহোৱাকৈ সকলো পৰ্যায়ৰ লোকৰ হিত সাধনৰ লক্ষ্যৰে কাম কৰিছে। যোৱা ছয় বছৰৰ ইতিহাস ইয়াৰ সাক্ষী’।

লগতে কৃষকসকলক এই নতুন আইন কেইখনৰ ওপৰত বিশ্বাস ৰাখিবলৈ অনুৰোধ কৰিছে আৰু এই আইন কেইখনে কৃষি ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিব বুলি কয়।

উল্লেখ্য যে চৰকাৰী পক্ষ আৰু আন্দোলনকাৰী কৃষকসকলৰ মাজত আলোচনা স্তব্ধ হৈ পৰাৰ পিছতেই কৃষি মন্ত্ৰীগৰাকীয়ে এই আঠ পৃষ্ঠাজোৰা চিঠিখন লিখি কৃষকসকলক পতিয়ন নিয়াৰ প্ৰয়াস কৰিছে।

চিঠিখনত উল্লেখ কৰা কেইটামান বিশেষ কথা

১. কৃষকৰ ভূমিৰ শংকা নাই, তেওঁলোকৰ মালিকীস্বত্ব থাকিব।

২. কৃষকসকলক নিৰ্ধাৰিত সময়ত প্ৰাপ্য পৰিশোধ কৰা হ’ব

৩. প্ৰাপ্য পৰিশোধ নকৰিলে জৰিমনা বিহা হ’ব

৪. মুকলি বজাৰত উৎপাদিত সামগ্ৰী ভাল মূল্যত বিক্ৰী কৰাৰ বিকল্প লাভ কৰিব

৫. নূন্যতম সমৰ্থন দাম অব্যাহত আছে আৰু অব্যাহত থাকিব

৬. চুক্তি শস্যৰ বাবেহে হ’ব, ভূমিৰ বাবে নহয়, কৃষকসকলে যেতিয়াই বিচাৰে চুক্তি বাতিল কৰিব পাৰে।

৭. একাংশই কৃষি আইনক লৈ বিভ্ৰান্তি বিয়পাইছে।

কৃষি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে যোৱা কিছুদিনত মই বিভিন্ন ৰাজ্যৰ কৃষি সংগঠন সমূহৰ সৈতে এই বিষয়ত আলোচনা কৰিছো আৰু তেওঁলোকে নতুন কৃষি আইন কেইখনক লৈ যথেষ্ট সন্তুষ্ট।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd